অসম

assam

ETV Bharat / bharat

Customer beaten to death for asking extra curd: অতিৰিক্ত দৈ বিচৰাৰ বাবে গ্ৰাহকক প্ৰহাৰ কৰি হত্যা - অতিৰিক্ত দৈ বিচৰাৰ বাবে গ্ৰাহকক প্ৰহাৰ কৰি হত্যা

হায়দৰাবাদৰ পাঞ্জাগুটাৰ মেৰিডিয়ান হোটেলত অঘটন ৷ অতিৰিক্ত দৈ বিচৰাৰ বাবে গ্ৰাহকক প্ৰহাৰ কৰি হত্যা কৰিলে হোটেলৰ কৰ্মচাৰীয়ে ৷ সম্প্ৰতি পাঞ্জাগুটা আৰক্ষীৰ জিম্মাত অভিযুক্ত হোটেল কৰ্মচাৰী ৷

Customer beaten to death for asking extra curd
অতিৰিক্ত দৈ বিচৰাৰ বাবে গ্ৰাহকক প্ৰহাৰ কৰি হত্যা

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 11:00 PM IST

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ: হোটেলৰ কৰ্মচাৰীৰ সৈতে হোৱা কাজিয়াত মৃত্যু হয় লিয়াকত নামৰ গ্ৰাহকজনৰ । তেলেংগানাৰ হায়দৰাবাদৰ পাঞ্জাগুটাৰ মেৰিডিয়ান হোটেলত সংঘটিত হৈছে এই ঘটনা । দেওবাৰে নিশা চন্দ্ৰযানগুট্টা অঞ্চলৰ লিয়াকতে মেৰিডিয়ান হোটেললৈ বিৰিয়ানী খাবলৈ আহিছিল । তেওঁ হোটেলৰ কৰ্মচাৰীক অতিৰিক্ত দৈ অলপ আনিবলৈ কয় । ইয়াকে লৈ মেৰিডিয়ান হোটেল কৰ্মচাৰী আৰু লিয়াকতৰ মাজত বাক-বিতণ্ডা আৰম্ভ হয় ৷ এই বাক-বিতণ্ডা ক্ৰমে কাজিয়ালৈ ৰূপান্তৰিত হয় আৰু হোটেলখনৰ কৰ্মচাৰীয়ে লিয়াকতক আক্ৰমণ কৰে ।

ইফালে এই বাক-বিতণ্ডাৰ কথা জানিব পাৰি পাঞ্জাগুটা আৰক্ষী হোটেলত উপস্থিত হয় আৰু দুয়োপক্ষকে পাঞ্জাগুটা আৰক্ষী থানালৈ আনি বিবাদ মীমাংসাৰ চেষ্টা কৰে । আৰক্ষীয়ে দুয়ো পক্ষৰ লগত কথা বতৰা চলাই থকা সময়তে হঠাৎ লিয়াকত উক্ত স্থানত ঢলি পৰে । মূহূৰ্ততে থানাৰ ভিতৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ পাঞ্জাগুটা আৰক্ষীয়ে ততাতৈয়াকৈ লিয়াকতক চিকিৎসালয়লৈ লৈ যায় কিন্তু চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয় ।

লিয়াকতৰ মৃত্যুৰ পাচত সৰৱ হৈ পৰিছে তেওঁৰ পৰিয়ালৰ লোক ৷ লিয়াকতক মাৰধৰ কৰাৰ পাচত তেওঁক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে থানালৈ অনা হয় ৷ যাৰ বাবে লিয়াকতে সময়মতে চিকিৎসা লাভ কৰাত ব্যৰ্থ হয় আৰু ইয়াৰ ফলত লিয়াকতৰ মৃত্যু হয় । এই ঘটনাৰ পাচত এমআইএমৰ এমএলচি মিৰ্জা ৰহমত বেইগ পাঞ্জাগুট্টা থানাত উপস্থিত হয় আৰু মৃত লিয়াকতৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবী জনায় । ইফালে পাঞ্জাগুটা আৰক্ষীয়ে লিয়াকতৰ মৃতদেহ গান্ধী হাস্পতালৰ মৰ্গলৈ স্থানান্তৰিত কৰিছে । আৰক্ষীয়ে লগত লিয়াকতক আক্ৰমণ কৰা হোটেলৰ কৰ্মচাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Pigeons killed : পুৰণি শত্ৰুতাৰ বাবে ২৩ টাকৈ পাৰ চৰাই নিধন কৰিলে দুৰ্বৃত্তই

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details