নিউজ ডেস্ক, 1 জানুৱাৰী: তেলেংগানাৰ হায়দৰাবাদৰ চাদৰঘাটত সংঘটিত হৈছে এক নৃশংস ঘটনা ৷ এজন ব্যক্তিয়ে নিজৰ এবছৰীয়া কন্যাক বিক্ৰী কৰে 70 হাজাৰ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে । শিশুটোৰ মাতৃয়ে চাদাৰঘাট আৰক্ষী চকীত ঘটনাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পাছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা ।
পিতৃয়ে 70 হাজাৰ টকাত বিক্ৰী কৰে কন্যাক
শিশুটোৰ মাতৃয়ে চাদাৰঘাট আৰক্ষী চকীত ঘটনাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পাছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা ।চাদাৰঘাট আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 317 ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে ।
পিতৃয়ে 70 হাজাৰ টকাত বিক্ৰী কৰে কন্যাক
আৰক্ষীয়ে বৃহস্পতিবাৰে এজন ব্যক্তিৰ পৰা শিশুটোক উদ্ধাৰ কৰি মাতৃৰ হাতত অৰ্পণ কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত পিতৃকো আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে ৷ চাদাৰঘাট আৰক্ষী থানাৰ আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি শিশুটোৰ পিতৃয়ে অত্যাধিক মদ্যপান কৰে আৰু আৰ্থিক অনাটনৰ বাবে তেওঁ সন্তানক বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে ৷ চাদাৰঘাট আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 317 ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে ।
লগতে পঢ়ক :আদমেদাবাদত দৃশ্যমান ভাৰতৰ প্ৰথমটো ৰহস্যময় শিলাস্তম্ভ