অসম

assam

ETV Bharat / bharat

কাশ্মীৰত এইবাৰ হাইব্ৰিড সন্ত্ৰাসবাদী - kashmir police tension about hybrid millitants

কাশ্মীৰৰ নিৰাপত্তা বাহিনীৰ সন্মুখত এক নতুন প্ৰত্যাহ্বান । হাইব্ৰিড সন্ত্ৰাসবাদীৰ ৰূপত দেখা দিছে এই নতুন প্ৰত্যাহ্বান । কিন্তু কি এই হাইব্ৰিড সন্ত্ৰাসবাদী ?

Hybrid militants
কাশ্মীৰত এইবাৰ হাইব্ৰিড সন্ত্ৰাসবাদী

By

Published : Jul 4, 2021, 7:56 PM IST

নেশ্যনেল ডেস্ক, ৪ জুলাই :শেহতীয়াকৈ শ্ৰীনগৰত কিছুমান সৰু সৰু আক্ৰমণৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে । কেইসপ্তাহমানৰ পৰা এনে আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে । এই ঘটনাবোৰৰ বেছি ভাগেই সাধাৰণ পিষ্টলেৰে কৰা আক্ৰমণ । যিসকল লোকে এই ঘটনা সংঘটিত কৰি আহিছে তেওঁলোকক সন্ত্ৰাসবাদীৰ তালিকাত এতিয়াও অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

বিষয়াসকলে সন্দেহ কৰা মতে তেওঁলোক এনে গুপ্ত সন্ত্ৰাসবাদী যিয়ে ঘটনা সংঘটিত কৰি আকৌ নিজৰ নিজৰ কামত জড়িত হৈ পৰে । এই নতুন হাইব্ৰিড সন্ত্ৰাসবাদী বা আংশিক সময়ৰ বাবে সন্ত্ৰাসবাদীৰ বেশত থকা সকলকলৈ এতিয়া চিন্তিত হৈ পৰিছে নিৰাপত্তা সংস্থাসমূহ । কিয়নো তেওঁলোকৰ বিৰুদ্ধে অভিযান চলোৱা বা বিচাৰি উলিওৱাটো এতিয়া এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে ।

নিৰাপত্তা সংস্থাৰ বিষয়াসকলৰ মতে হাইব্ৰিড সন্ত্ৰাসবাদী হৈছে একাংশ স্থানীয় যুৱক । সন্ত্ৰাসবাদী হেণ্ডলাৰ সকলে এই কট্টৰপন্থীসকলক ষ্টেণ্ডবাই হিচাপে ৰাখে । এটা ঘটনা সংঘটিত কৰাৰ পিছতে তেওঁলোকে পুনৰ স্বাভাৱিক কামলৈ ঘূৰি যায় আৰু পৰৱৰ্তী দায়িত্বৰ বাবে অপেক্ষা কৰে ।

বিষয়াসকলে কোৱা মতে পাকিস্তান আৰু ইয়াৰ গুপ্তচৰ সংস্থা আইএছআইৰ(ISI) নিৰ্দেশত কাশ্মীৰত এই নতুন সন্ত্ৰাসবাদীৰ জন্ম হৈছে । তেওঁলোকে নিৰাশ হৈ এই নতুন পদ্ধতিবোৰ অৱলম্বন কৰিছে । সন্ত্ৰাসবাদীৰ হতাশাও স্পষ্ট হৈ পৰিছে বুলি উল্লেখ কৰে বিষয়াসকলে ।

এতিয়া তেওঁলোকে সাধাৰণ পিষ্টলেৰে সৰু সৰু ঘটনা সংঘটিত কৰিবলৈ আৰম্ভ কৰিছে । বিশেষকৈ অস্ত্ৰ নথকা লোক আৰু ব্যৱসায়ী, কৰ্মী, সুৰক্ষা অবিহনে থকা ৰাজনৈতিক নেতা আৰু অফ-ডিউটিৰ আৰক্ষীক টাৰ্গেত হিচাপে লৈছে । বিষয়াসকলে লগতে কয় যে তেওঁলোকৰ উদ্দেশ্য হৈছে ভয় বিয়পোৱা আৰু ব্যৱসায় তথা সামাজিক কাৰ্যকলাপ বন্ধ কৰা ।

বিষয়াসকলে কয় যে হাইব্ৰিড সন্ত্ৰাসবাদী আৰক্ষীৰ তালিকাত নাই, কিন্তু এটা পিষ্টল আৰু হত্যা কৰাৰ অভিপ্ৰায় আছে । ঠিক ভাৰাতীয়া শ্বুটাৰৰ দৰেও হ'ব পাৰে যাক হত্যাৰ বিনিময়ত ধন দিয়া হয় । তেওঁলোকে লগতে কয় যে এই নতুন প্ৰকাৰৰ সন্ত্ৰাসবাদীৰ বাবে লক্ষ্য কোন সেয়া ডাঙৰ কথা নহয় কেৱল তেওঁক হত্যা কৰিব লাগে সেয়াই তেওঁলোকৰ লক্ষ্য ।

উল্লেখ্য যে আৰক্ষীয়ে যোৱা বছৰ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত শ্ৰীনগৰ চহৰক "সন্ত্ৰাসবাদী-মুক্ত" বুলি ঘোষণা কৰিছিল । কিন্তু তাৰ পিছতো সাধাৰণ লোক আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ হৈ আছে । সেয়ে বিষয়াসকলে বিশ্বাস কৰে যে এই আক্ৰমণবোৰৰ আঁৰত আছে "হাইব্ৰিড" সন্ত্ৰাসবাদী ।

যোৱা কেইসপ্তাহমানত এনে ধৰণৰ আক্ৰমণ বৃদ্ধি পাইছে । ২৩ জুনত সন্ত্ৰাসবাদীয়ে চহৰখনৰ ভিতৰুৱা অঞ্চলৰ হাব্বাকাদাল অঞ্চলত উমৰ আহমেদ নামৰ এজন ২৫ বছৰীয়া দোকানীক তেওঁৰ দোকানৰ বাহিৰতে গুলীয়াই হত্যা কৰে । ইয়াৰ পূৰ্বে, ২২ জুনত সন্ত্ৰাসবাদীয়ে শ্ৰীনগৰৰ উপকণ্ঠৰ কানিপোৰা নৌগামত জম্মু-কাশ্মীৰ আৰক্ষীৰ চিআইডি শাখাৰ পৰিদৰ্শক পাৰভেজ আহমেদ দাৰক হত্যা কৰে । আক্ৰমণটোৰ চিচিটিভি ফুটেজে স্পষ্টকৈ দেখুৱাইছিল যে দুজন মানুহ পিছফালৰ পৰা আহিছিল আৰু পিষ্টলেৰে তেওঁৰ ওপৰত গুলী চালনা কৰিছিল ।

১৭ জুনত সন্ত্ৰাসবাদীসকলে ঈদগাহৰ ছাইদপোৰা অঞ্চলত আক্ৰমণ কৰে আৰু এজন আৰক্ষীক ওচৰৰ পৰা গুলীয়াই হত্যা কৰে । আৰক্ষীজন অফ-ডিউটিত আছিল । শ্ৰীনগৰৰ বাহিৰত, উগ্ৰপন্থীয়ে ২৭ জুনত জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত এজন বিশেষ আৰক্ষী বিষয়াৰ লগতে তেওঁৰ পত্নী আৰু কন্যাক গুলীয়াই হত্যা কৰে ।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক (IGP) বিজয় কুমাৰে কয় যে চহৰখনত কিছুমান স্লিপাৰ চেল, হাইব্ৰিড সন্ত্ৰাসবাদী আছে । কিন্তু আৰক্ষীয়ে শীঘ্ৰেই এই চক্ৰটো নিষ্ক্ৰিয় কৰিব বুলি তেওঁ দাবী কৰে । তেওঁ কোৱা মতে তেওঁলোকে সম্পূৰ্ণ নিৰীক্ষণ কৰি আছে আৰু সোনকালেই এই ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব বুলি তেওঁ আশাবাদী ।

লগতে পঢ়ক :খুচুৰা আৰু পাইকাৰী ব্যৱসায়ক MSMEত অন্তৰ্ভুক্ত: প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details