নেশ্যনেল ডেস্ক,২ ছেপ্টেম্বৰ :স্বামী পৰিয়ালৰ হাতত পুনৰ নিৰ্যাতিত হ'ল এগৰাকী মহিলা । পাৰিবাৰিক বিবাদৰ বাবে স্বামী আৰু পৰিয়ালৰ লোকে উলংগ কৰিলে মহিলাগৰাকীক । সেই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে ৰাজস্থানত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । মুখ্যমন্ত্ৰীয়েও ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিছে ।
দেশৰ বিভিন্ন প্ৰান্তত গাৰ্হস্থ্য হিংসাৰ ঘটনা অব্যাহত আছে । যৌতুক আৰু আন দাবীৰে মহিলাসকলৰ ওপৰত স্বামীৰ পৰিয়ালে নিৰ্যাতন চলোৱাৰ ঘটনা প্ৰায়ে পোহৰলৈ আহে । এইবাৰ ৰাজস্থানৰ প্ৰতাপগড়ত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা । এগৰাকী মহিলাক স্বামী আৰু তেওঁৰ পৰিয়ালে আক্ৰমণ কৰাৰ লগতে উলংগ কৰিছে ।
ঘটনাটো প্ৰতাপগড় জিলাৰ ধাৰিয়াৱাদ আৰক্ষী থানাৰ অন্তৰ্গত পাহাদা গাঁও পঞ্চায়তৰ নিচালাকোটা গাঁৱত সংঘটিত হৈছে । ভুক্তভোগী মহিলাগৰাকী আৰু অভিযুক্তসকল জনজাতীয় সম্প্ৰদায়ৰ । ভুক্তভোগীৰ প্ৰাক্তন শহুৰেককে ধৰি পৰিয়ালৰ আন সদস্যসকলো এই ঘটনাৰ অভিযুক্ত । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । ঘটনাৰ খবৰ পোৱাৰ পাছতে স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকে ধৰি আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষকো ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষী অধীক্ষক অমিত কুমাৰে কোৱা মতে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে । একে সময়তে ঘটনাটোৰ সৈতে জড়িত ৮ জনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে ইয়াৰে ৭ জনক আটক কৰিছে ।