নেশ্যনেল ডেস্ক, 13 অক্টোবৰ:স্বামী-স্ত্ৰীৰ মৃত্যু সঁচা প্ৰেমৰ নিদৰ্শন হৈ পৰিল বিহাৰৰ বৈশালীৰ এটা দম্পতি ৷ স্বামীৰ মৃত্যুৰ কেইঘণ্টামানৰ ভিতৰতে ইহ সংসাৰ ত্যাগ কৰিলে সহধৰ্মিনীয়ে ৷ উল্লেখ্য যে, যোৱা কেইদিনমানৰ পৰা পত্নী গিৰিজা দেৱী অসুস্থ হৈ হাজীপুৰৰ এখন নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছিল । পত্নীৰ অসুস্থতাৰ বাবে চিন্তা তথা গভীৰভাৱে আঘাত পাইছিল ৰাম লখন পাছোৱানে ।
পত্নী অসুস্থ হৈ থকা অৱস্থাত যেতিয়াই কোনোৱে পত্নীৰ খবৰ সুধিছিল, তেতিয়াই পাছোৱানে "আমি দুয়ো একেলগে গ’লে আমি ইতিহাস হৈ পৰিলোহেঁতেন" বুলি ইচ্ছা প্ৰকাশ কৰিছিল । ইচ্ছা প্ৰকাশ কৰাৰ দুই-তিনি দিনৰ ভিতৰত সেয়া দিঠকত পৰিণত হ’ব বুলি অৱশ্যে কোনেও ভবা নাছিল । বুধবাৰে চিন্তাক্লিষ্ট অৱস্থাতে পাছোৱানৰ মৃত্যু ঘটে । নিশা মৃত্যু ঘটা পাছোৱানক শেষকৃত্য গাঁৱৰ ৰাইজে ৰাতিপুৱালৈ সমাপন কৰিম বুলি ভাবি আছিল যদিও পুৱা হোৱাৰ আগতেই পাছোৱানৰ পত্নী গিৰিজা দেৱীৰ মৃত্যু ঘটে ।
হাজীপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে সদ্য প্ৰয়াত পাছোৱানৰ পত্নী গিৰিজা দেৱীৰ । ইয়াৰ পিছত গিৰিজা দেৱীৰ মৃতদেহ গাঁৱলৈ অনা হয় আৰু দুয়োৰে শেষ যাত্ৰা গাওঁবাসীয়ে একেলগে উলিয়ায় ।