নেশ্যনেল ডেস্ক,১৫ জুলাই: ওড়িশাৰ গাণ্ডিয়া আৰক্ষীৰ চকীৰ অন্তৰ্গত চন্দ্ৰশেখৰপুৰ গাঁৱত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা(Brutal murder) । পত্নীক শিৰচ্ছেদ কৰি কটা মূৰ হাতত লৈ ঘুৰিলে প্ৰায় ১২ কিঃমিঃ পথ(Husband beheaded wife) । মুহুৰ্ত্বতে চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ভিডিঅ' ।
দীৰ্ঘদিনে চলি থকা পাৰিবাৰিক কন্দলৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে স্থানীয় ৰাইজে । স্থানীয় লোকসকলে জনোৱা অনুসৰি নাকাফোদি মাঝি নামৰ লোকজনে তেওঁৰ পত্নী শুচলা মাঝিক আন পুৰুষৰ সৈতে সন্দেহ কৰিছিল । আৰু তাৰেই পৰিণতিত ক্ষোভিত হৈ শিৰচ্ছেদ কৰে পত্নীক আৰু পত্নীৰ কটা মূৰ হাতত লৈ ৰাওনা হৈছিল সমীপৰ আৰক্ষী চকীলৈ ।