অসম

assam

ETV Bharat / bharat

শকত হোৱা বাবেই পত্নীক তিনি তালাক দিলে স্বামীয়ে - শকত হোৱাৰ বাবেই স্বামীয়ে পত্নীক দিলে তিনি তালাক

উত্তৰ প্ৰদেশৰ মিৰাট জিলাৰ এটা লজ্জাজনক ঘটনা ৷ বিবাহৰ পাচত শকত হোৱাৰ বাবেই স্বামীয়ে পত্নীক দিলে তিনি তালাক (Triple talaq cases in meerut) ৷ ন্যায় বিচাৰি আইনৰ কাষত এতিয়া মহিলাগৰাকী ৷

Triple talaq cases in meerut
শকত হোৱাৰ বাবেই পত্নীক তিনি তালাক দিলে স্বামীয়ে

By

Published : Sep 1, 2022, 7:51 PM IST

নেশ্যনেল ডেস্ক, 1 ছেপ্টেম্বৰ : মৰম, বিশ্বাস, ভালপোৱা সকলো আজি মিহলি হ’ল ধূলিৰ লগত ৷ বিবাহৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্ৰুতি আজি অসাৰ হ’ল এগৰাকী মহিলাৰ ক্ষেত্ৰত ৷ বিবাহৰ পূৰ্বে দিয়া মৰমৰ প্ৰতিটো বাণী আজি কটু বাক্যলৈ পৰিণত হ’ল ৷

বিবাহৰ পূৰ্বে ‘‘শকত হ’লেও তুমি মোৰ, ক্ষীণ হ’লেও তুমি মোৰ’’ - এই কথাযাৰ আজি অসাৰ প্ৰতিপন্ন হ’ল এগৰাকী মহিলাৰ বাবে ৷ কিয়নো বিবাহৰ 8 বছৰৰ পাচত শকত হোৱাৰ বাবেই স্বামীয়ে বিবাহ বিচ্ছেদ কৰিলে মহিলাগৰাকীৰ সৈতে (Husband gave triple talaq when wife become fat) ৷ আমি ক’বলৈ লোৱা ঘটনাটো উত্তৰ প্ৰদেশৰ মিৰাট জিলাৰ ৷

শকত হোৱাৰ বাবেই পত্নীক তিনি তালাক দিলে স্বামীয়ে

উত্তৰ প্ৰদেশৰ মিৰাট জিলাৰ এগৰাকী মহিলা শকত হোৱাৰ বাবেই স্বামীয়ে তিনি তালাকৰ এখন জাননী প্ৰেৰণ কৰে (Triple talaq cases in meerut) ৷

বিবাহ বিচ্ছেদৰ জাননী পাই শোকত ভাগি পৰে ভুক্তভোগী মহিলাগৰাকী ৷ তাৰ পাচত এই সন্দৰ্ভত মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে বহুবাৰ এই সন্দৰ্ভত কথা পাতিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু মহিলাগৰাকীৰ স্বামীয়ে কোনোপধ্যেই কথা পাতিবলৈ আগ্ৰহী নহয় মহিলাগৰাকীৰ সৈতে ৷ ইফালে তেওঁলোকৰ আছে এটা 7 বছৰীয়া পুত্ৰ সন্তানো ৷

উপায়ন্তৰ হৈ ভুক্তভোগী মহিলাগৰাকীয়ে কাষ চাপে জিলাখনৰ লিচাদিগেট আৰক্ষীৰ ৷ তাৰ পাচত মহিলাগৰাকীয়ে আৰক্ষীৰ আগত সকলো কথা বৰ্ণনা কৰে ৷ এতিয়া ন্যায়ৰ আশাত পণবন্দী উত্তৰ প্ৰদেশৰ মিৰাট জিলাৰ ভুক্তভোগী মহিলাগৰাকী ৷

লগতে পঢ়ক :কৰ্ণাটকৰ মুৰুঘা মঠৰ মুখ্য ধৰ্মগুৰুৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ অনুৰোধ এনচিপিচিআৰৰ

ABOUT THE AUTHOR

...view details