নেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ: বিবাহ ! এক সামাজিক বান্ধোন । সামাজিকভাৱে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হয় । পত্নী গাৰ্হ্যস্থ ধৰ্ম পালনৰ সহধৰ্মিণী । সেইকাৰণে বিবাহিতা পত্নীক সহধৰ্মিণী বুলি কোৱা হয় । কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে বিবাহ যদি কেতিয়াবা প্ৰেমিক-প্ৰেমিকাৰ মাজত হয়, আন কেতিয়াবা আকৌ বিবাহ সমাজে বা ঘৰখনেই পছন্দ কৰি দিয়া অৰ্থাৎ এৰেঞ্জ মেৰিজো হয় ৷
ফলত বহু সময়ত দেখা যায় ঘৰখনেই পছন্দ কৰি দিয়া দৰা বা কইনাৰ ইজনৰ সিজনৰ প্ৰতি অসন্তুষ্টি থাকি যায় ৷ এনে বহু উদাহৰণ নথকা নহয় ৷ আজি আমি এই প্ৰতিবেদনত কম এনে এক বিবাহৰ কথা, য’ত বিবাহৰ প্ৰথম ৰাতিয়েই পত্নীক দেখি তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছিল দৰাই ৷ কিন্তু দৰাই এনেকুৱা কি দেখিছিল কইনাৰ মুখতখনত ? যাৰ বাবে দৰাই ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷ সেয়া কম এই প্ৰতিবেদনত ৷
ঘটনা উত্তৰ প্ৰদেশৰ আলিগড়ৰ ৷ পৰিয়ালবৰ্গ তথা আত্মীয় স্বজনৰ পছন্দত ঠিক হৈছিল এখন বিবাহ ৷ বিবাহৰ পূৰ্বে সকলোৱে কইনাক দেখিছিল যদিও কইনাক দেখা নাছিল দৰাই ৷ সামাজিক ৰীতি-নীতি অনুসৰি বিবাহৰ দিন বাৰ ঠিক হ’ল ৷ পিছত আহিল বহু অপেক্ষিত সেই দিনটো ৷ সামাজিক ৰীতি-নীতি অনুসৰি তিনিবাৰ "কবুল হে, কবুল হে, কবুল হে" কৈ দুয়ো আৱদ্ধ হ’ল বিবাহপাশত ৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল ৷ বিবাহৰ পিছতে সাধাৰণতে দৰা যেনেদৰে এক্সাইটেড হয়, সেইদৰে এইজন দৰাও বহুত এক্সাইটেড হৈ আছিল নিজৰ কইনাজনীৰ মুখখন চাবলৈ ৷
কিন্তু কইনাৰ মুখখন চাবলৈ গৈয়ে লাগিল অথন্তৰ ৷ মনত যেনেদৰে কইনাৰ ছবি আঁকি ৰাখিছিল দৰাই, তেনেকুৱা নোলাল কইনা ৷ কাৰণ কইনাৰ গাৰ বৰণ আছি ক’লা ৷ ইয়াৰ পিছতেই আৰম্ভ হয় স্বামীৰ অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ৷ পৰবৰ্তী সময়ত এই অসন্তুষ্টিয়েই কাৰণ হয় তিনি তালাকৰ (Husband gave triple talaq in Aligarh) ৷ অৱশেষত বিয়াৰ ৩ বছৰ পিছত খঙত স্বামীয়ে পত্নীক তিনিবাৰ তালাক-তালাক কৈ ঘৰৰ পৰা বাহিৰ কৰি দিয়ে মহিলাগৰাকীক ।