নিউজ ডেস্ক, ৯ অক্টোবৰ:দক্ষিণ দিল্লীৰ লোধি কলনী অঞ্চলত দেওবাৰে দুৰ্বৃত্তই চলন্ত অটো এখনৰ পৰা হাংগেৰীৰ এগৰাকী মহিলাৰ বেগ কাঢ়ি লৈ পলায়ন কৰে । ভুক্তভোগী মহিলাগৰাকী বিশেষ কামৰ বাবে হাংগেৰীৰ দূতাবাসলৈ গৈ থকা সময়তে সংঘটিত হয় এই ঘটনা । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি দুষ্কৃতিকাৰীক বিচাৰি তদন্ত আৰম্ভ কৰিছে । অৱশ্যে এই পৰ্যন্ত দুস্কৃতিকাৰীৰ কোনো তথ্য লাভ কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই ।
দক্ষিণ দিল্লী জিলাৰ উপ আৰক্ষী আযুক্ত চন্দন চৌধুৰীয়ে জনোৱা মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৩ বজাত মহিলাগৰাকীয়ে হুমায়ুন সমাধি হৈ অটোৰে হাংগেৰী দূতাবাসলৈ গৈ থকা সময়তে পিছফালৰ পৰা এখন বাইকত অহা দুজনীয়া দুস্কৃতিকাৰীৰ দলে মহিলাগৰাকীৰ বেগটো কাঢ়ি পলায়ন কৰে ৷ মহিলাগৰাকীয়ে নিজৰ বেগটো বচাবলৈ বহু চেষ্টা কৰে যদিও দুস্কৃতিকাৰীয়ে বেগটো কাঢ়ি লৈ পলায়ন কৰিবলৈ সক্ষম হয় । ইয়াৰ পিচতে ভুক্তভোগী মহিলাগৰাকী লোধি কলনী আৰক্ষী থানাত উপস্থিত হৈ অভিযোগ দাখিল কৰে । ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা মতে, বেগটোত ১২ হাজাৰ টকা, মোবাইল আৰু ডেবিট কাৰ্ড আৰু অন্যান্য গুৰুত্বপূৰ্ণ নথি-পত্ৰ আছিল ৷