নেশ্যনেল ডেস্ক,৫ ছেপ্টেম্বৰ :ৰাজস্থানৰ প্ৰতাপগড়ত শেহতীয়াকৈ এগৰাকী গৰ্ভৱতী মহিলাক স্বামী আৰু স্বামী পৰিয়ালে কাপোৰ ফালি উলংগ কৰি পেৰেড কৰিছিল । সেই ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল । ঘটনাটোৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে দেশজুৰি প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে ।
ইয়াৰ মাজতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰাজস্থান চৰকাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধানক প্ৰশ্ন কৰিছে যে এগৰাকী গৰ্ভৱতী জনজাতীয় মহিলাক তেওঁৰ স্বামী আৰু শহুৰেকে উলংগ কৰি পেৰেড কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে ? মানৱ অধিকাৰ আয়োগে জাৰি কৰা এক বিবৃতিত কয় যে ই মহিলাগৰাকীৰ স্বাস্থ্যৰ স্থিতি আৰু প্ৰশাসনে তেওঁক প্ৰদান কৰা ক্ষতিপূৰণৰ বিষয়ে তেওঁলোকে জানিব বিচাৰিছে ।
আৰক্ষীয়ে জনোৱা মতে ২১ বছৰীয়া জনজাতীয় মহিলাগৰাকীক তেওঁৰ স্বামীয়ে প্ৰতাপগড় জিলাৰ এখন গাঁৱত উলংগ কৰি পেৰেড কৰিছিল । ঘটনাটোৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সকলো কথা পোহৰলৈ আহিছে । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কোৱা মতে তেওঁলোকে ৩১ আগষ্টৰ ঘটনাটো সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদনৰ স্বতঃস্ফূৰ্তভাৱে বিবেচনা কৰিছে ।