নেশ্যনেল ডেস্ক, ২০ মাৰ্চ :পঞ্জাৱত অব্যাহত খালিস্তান সমৰ্থৰ বিৰুদ্ধে অভিযান (Operation against khalistan supporters)। সমগ্ৰ ৰাজ্যখনতে এই অভিযানক লৈ অস্থিৰ পৰিৱেশে বিৰাজ কৰিছে । এইবাৰ বিদেশতো এই বিষয়টোৱে গুৰুত্ব লাভ কৰিছে । লণ্ডনত আৰম্ভ হৈছে খালিস্তান সমৰ্থকৰ প্ৰতিবাদ (Khalistani protest at London)।
লণ্ডনৰ প্ৰবাসী ভাৰতীয় তথা খালিস্তান সমৰ্থকসকলে প্ৰতিবাদৰ অংশস্বৰূপে উচ্চায়ুক্তালয় ভৱনত ত্ৰিৰংগা আঁতৰাই দিছিল । কিন্তু অৱশেষত ভৱনত পুনৰ এখন বিশাল ত্ৰিৰংগা আঁৰি দিয়া হৈছে (Huge Tricolour adorns Indian High Commission)।
লণ্ডনৰ এল্ডৱাইচত থকা ভাৰতীয় উচ্চায়ুক্তালয় ভৱনত পতাকা আঁৰি দিয়াৰ ফটো ভাইৰেল হৈ পৰিছে । সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীসকলে এই পদক্ষেপক প্ৰশংসা কৰিছে । বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জয়বীৰ শ্বেৰগিলে টুইটাৰযোগে ফটোখন শ্বেয়াৰ কৰি কয় যে পতাকা শীৰ্ষত থাকক (BJP reacts over London Khalistani protest)।
ব্ৰিটেইন চৰকাৰে লণ্ডনৰ উচ্চায়ুক্তালয়ত ভাৰতীয় পতাকাক অসন্মান কৰাৰ চেষ্টা কৰা দুৰ্বৃত্তসকলৰ বিৰুদ্ধে পদক্ষেপ ল'ব লাগে বুলিও দাবী জনায় । পঞ্জাৱ আৰু পাঞ্জাৱীসকলৰ ৰাষ্ট্ৰক সেৱা আৰু সুৰক্ষা দিয়াৰ এক গৌৰৱময় ইতিহাস আছে । ব্ৰিটেইনত থকা মুষ্টিমেয় জাম্পিং জেকসকলে পঞ্জাৱক প্ৰতিনিধিত্ব নকৰে বুলিও বিজেপি নেতাগৰাকীয়ে উল্লেখ কৰে ।
এগৰাকী খালিস্তান সমৰ্থকে উচ্চায়ুক্তালয়ৰ বাহিৰত ৰাষ্ট্ৰীয় পতাকা আঁতৰাই দিয়াৰ ঘটনাই দেশবাসীক ক্ষুব্ধ কৰি তুলিছে আৰু এই বিষয়ক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অৱশ্যে, বহুতে উচ্চায়ুক্তালয়ৰ এগৰাকী বিষয়াৰ সাহসিকতাক প্ৰশংসা কৰাও দেখা গৈছে যিগৰাকী বিষয়াই খালিস্তানী পতাকাখন আঁতৰাই দিছে ।
এই ঘটনাটোৰ পাছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দেওবাৰে সন্ধিয়া ব্ৰিটিছ সহকাৰী উচ্চায়ুক্ত ক্ৰিষ্টিনা স্কটক উচ্চায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত নিৰাপত্তাৰ অনুপস্থিতিৰ কাৰণ বিচাৰিছে । মন্ত্ৰালয়ে ভাৰতীয় কূটনীতিবিদ আৰু কৰ্মচাৰীসকলৰ প্ৰতি ব্ৰিটেইন চৰকাৰৰ উদাসীনতাৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে (MEA over Khalistani protest)।
ব্ৰিটেইনৰ বৈদেশিক কমনৱেলথ আৰু উন্নয়ন পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী লৰ্ড তাৰিক আহমেদে টুইট কৰি কয় যে ভাৰতীয় উচ্চায়ুক্তৰ ওপৰত হোৱা আক্ৰমণত তেওঁ আচৰিত হৈছে । লণ্ডনত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত এই আক্ৰমণ মিছন আৰু ইয়াৰ কৰ্মচাৰীৰ অখণ্ডতাৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে অগ্ৰহণযোগ্য পদক্ষেপ । চৰকাৰে সদায় ভাৰতীয় উচ্চায়ুক্তালয়ৰ নিৰাপত্তাক গুৰুত্ব সহকাৰে ল'ব ।
ব্ৰিটেইনৰ প্ৰবাসী ভাৰতীয়সকলেও ঘটনাটোৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে । বহুতে সামাজিক মাধ্যমত এই কাৰ্যক গৰিহণা দিছে আৰু দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।
লগতে পঢ়ক :Khalistan protest in London: ভাৰতীয় উচ্চাযুক্তালয়ৰ চৌহদত খালিস্তান সমৰ্থনকাৰীৰ আক্ৰমণৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিবাদ