নেশ্যনেল ডেস্ক,২৫ মে':ইণ্ডো-ম্যানমাৰ সীমান্তৰে অব্যাহত আছে নিষিদ্ধ সামগ্ৰীৰ বেহা (Illegal treading in Indo Myanmar border)। অৱশ্যে এই কাৰ্যকলাপ বন্ধৰ বাবে আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে সময়ে সময়ে অভিযান চলোৱা দেখা যায় । এইবাৰ পুনৰ অবৈধ অনুপ্ৰৱেশ আৰু ড্ৰাগছৰ বিৰুদ্ধে ভাৰত-ম্যানমাৰ সীমান্তত চলিল আৰক্ষীৰ অভিযান । এক যুটীয়া অভিযানত জব্দ প্ৰায় 45 কোটি 46 লাখ টকাৰ ব্ৰাউন চুগাৰ (Drugs seized in Indo Myanmar border)। চাৰি সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে (Drugs peddler arrested in Indo Myanmar border)৷
উল্লেখ্য যে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চকিকাৰোং আৰক্ষী থানা আৰু ৪৩ অসম ৰাইফলছৰ জোৱানৰ লগতে ইম্ফলৰ বিশেষ কমাণ্ডো গোটে চলাইছিল যৌথ অভিযান (Raid in Indo Myanmar border)। অভিযানৰ সময়তে এখন ট্ৰাকত তালাচী চলাইছিল দলটোৱে । তালাচীৰ মাজতে ট্ৰাকখনৰ পিছফালৰ চিটৰ ভিতৰত ১৮৬ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে ।