ইম্ফল, 21 মে’:উত্তৰ-পূৱৰ অন্যতম ৰাজ্য মণিপুৰত পুলিয়ে-পোখাই শিপাইছে ড্ৰাগছৰ দৰে নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায় ৷ যাক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যখনৰ আৰক্ষী-প্ৰশাসন ৷ শেহতীয়া ৰাজ্যখনৰ থৌবাল জিলাৰ আৰক্ষীয়ে চলাই ড্ৰাগছ বিৰোধী এক অভিযান ৷ এই অভিযানতে জব্দ হয় বৃহৎ পৰিমাণৰ কফ চিৰাপৰ বটল(Cough syrup seized in Manipur) ৷
শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে জিলাখনৰ লিলং আথৌখং এলেকাত অভিযান চলাই জব্দ কৰে 8812 টাকৈ কফ চিৰাপৰ বটল(Huge quantity of cough syrup bottles seized in Manipur) ৷ ঘটনা সংক্ৰান্তত জড়িত থকাৰ অপৰাধত এজন লোকক আটক কৰে আৰক্ষীয়ে ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আথৌখং মামাং লেইকাই অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলাই আটক কৰে 26 বছৰীয়া এম বাহাৰুল ইছলাম নামৰ লোকজনক ৷