অসম

assam

ETV Bharat / bharat

সমূহীয়া মৎস্য চিকাৰস্থলীত জুই লগাৰ ফলত কোটি টকাৰ সা-সম্পত্তিৰ ক্ষতি - Visakhapatnam fishing harbor

মাছ ধৰা স্থানত বৃহৎ অগ্নিকাণ্ডৰ ঘটনা । বিশাখাপট্টনমত সংঘটিত হৈছে এই ঘটনাটো ৷ বহু নাও ভস্মীভূত হোৱাৰ লগতে 25-30 কোটি মূল্যৰ সা-সম্পত্তিৰ ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰিছে ভুক্তভোগীয়ে । জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত অগ্নিনিৰ্বাপক বাহিনীৰ ৷

huge fire accident in Visakhapatnam fishing harbor
সমূহীয়া মৎস্য চিকাৰস্থলীত জুই

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 10:33 AM IST

সমূহীয়া মৎস্য চিকাৰস্থলীত জুই

নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ:বিশাখাপট্টনমৰ মাছৰ বন্দৰত দেওবাৰে নিশা সংঘটিত হয় বৃহৎ অগ্নিকাণ্ডৰ ঘটনা । প্ৰথমে এখন নাওৰ সমীপত লগা জুইয়ে কেইমুহূৰ্ত মানৰ ভিতৰতে আন নাওবোৰতো বিয়পি পৰে । এই ঘটনাত বহু নাও ভস্মীভূত হৈছে ৷ স্থানীয় ৰাইজে অচিনাকি লোকে জুই লগাইছে বুলি সন্দেহ প্ৰকাশ কৰিছে । ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে ।

স্থানীয় লোকে জনোৱা মতে, ইতিমধ্যে 40 খনতকৈও অধিক নাও জ্বলি গৈছে । এই তথ্য লাভ কৰাৰ লগে লগে বন্দৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে । জুই নিয়ন্ত্ৰণৰ বাবে বিষয়াসকলে বিশাখাপট্টনম বন্দৰ কৰ্তৃপক্ষৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ বিশেষ ইঞ্জিন আনে । দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নাৱত শুই থকা লোকসকল ক্ষতিগ্ৰস্ত হ’ব পাৰে বুলি শংকিত হৈ পৰিছে শ্ৰমিকসকল । অচিনাকি ব্যক্তিয়ে ইচ্ছাকৃতভাৱে নাওখনত জুই লগাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । এই ঘটনাৰ বাবে লাখ লাখ সা-সম্পত্তিৰ ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰি নাৱৰ গৰাকীসকলে চকুলো টুকিছে ৷

প্ৰত্যক্ষদৰ্শীৰ মতে দেওবাৰৰ নিশা প্ৰায় 11 বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । প্ৰায় 25-30 কোটি মূল্যৰ সা-সম্পত্তিৰ ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰিছে ভুক্তভোগীয়ে । দুৰ্ঘটনাৰ সময়ত কিছুমান নাও চিকাৰ শেষ কৰি মাছ ধৰা বন্দৰলৈ উভতি আহিছিল ৷ আন কিছুমানে ইন্ধন ভৰাই চিকাৰ কৰিবলৈ যোৱাৰ প্ৰস্তুতি চলাইছিল । এই সময়তে এই অগ্নিকাণ্ড সংঘটিত হয় ।

এই জুইত বিক্ৰীৰ বাবে সাজু হোৱা সকলো মাছ জ্বলি যোৱাৰ বাবে চিন্তিত হৈ পৰিছে নাৱৰ মালিক আৰু অন্যান্য শ্ৰমিকসকল । আনহাতে, অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জুই নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:ভূমিকম্প; মহাৰাষ্ট্ৰৰ হিংগোলীত ৩.৫ প্ৰাবল্যৰ জোকাৰণি

ABOUT THE AUTHOR

...view details