আগৰতলা, 22 আগষ্ট:ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ অন্তৰ্গত সোনামুৰা উপ-সংমণ্ডলৰ কমলনগৰ আনন্দপুৰ গাঁৱৰ পৰা আৰক্ষীয়ে দেওবাৰে সন্ধিয়া প্ৰায় বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে (Huge cache of cannabis seized in Tripura) ৷ গোপন তথ্যৰ ভিত্তিত সোনামুৰা আৰক্ষীৰ এটা দলে সন্ধিয়া প্ৰায় 7 বজাত কমলনগৰ আনন্দপুৰ গাঁও পঞ্চায়তৰ এখন গভীৰ বনাঞ্চলত অভিযান চলায় ৷ অভিযানকাৰী আৰক্ষীৰ দলটোৱে প্ৰায় 1,000 কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Tripura Police seizes ganja worth Rs 1 crore) ।
গভীৰ বনাঞ্চলখনৰ ভিতৰত কিছুমান লোকে ৰবৰৰ খেতিত বৃহৎ পৰিমাণৰ গাঞ্জা পেকিংৰ ওপৰত কাম কৰি থকা বুলি সোনামুৰা আৰক্ষীয়ে এটা গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল ৷ এই খবৰ লাভ কৰাৰ পাছতেই সোনামুৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক দেবনাথ আৰু আৰক্ষী উপ পৰিদৰ্শক অনামিকা দত্তসহ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় ।