নেশ্যনেল ডেস্ক, 2 জানুৱাৰী:সন্ত্ৰাসবাদেৰে জৰ্জৰিত জম্মু কাশ্মীৰ ৷ দেওবাৰে কুপৱাৰা আৰক্ষীয়ে জিলাখনৰ কাৰ্নাহ অঞ্চলৰ পৰা এটা সৰবৰাহকাৰীৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ, গোলাবাৰুদ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় (Recovered huge quantity of arms )৷
কুপৱাৰা জিলা আৰক্ষীয়ে এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষী থানা কাৰ্ণাৰ চাটকাদি অঞ্চলত দুই ব্যক্তিয়ে অস্ত্ৰ, গোলাবাৰুদ আৰু নিচাজাতীয় সামগ্ৰী চোৰাংকৈ সৰবৰাহ কৰাৰ তথ্য লাভ কৰে ৷ এই তথ্যৰ ভিত্তিতে এছএইছঅ' কাৰ্ণাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সেনা জম্মু আৰু কাশ্মীৰৰ আৰআইএফৰ এটা দলৰ সৈতে এক যুটীয়া তালাচী অভিযান চলাই ৷
এই অভিযানৰ সময়ত আৰক্ষীয়ে উমৰ আজিজ নামৰ এটা সৰবৰাহকাৰীক আটক কৰে (Kupwara Police arrested smuggler)৷ আৰক্ষীৰ সোধ পোছৰ পিচত উমৰে সহযোগীৰ লগত অস্ত্ৰ, গোলাবাৰুদ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ কথা স্বীকাৰ কৰে ৷
উমৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গাৰাংনাৰ্ড চাটকাদিৰ পৰা বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰীসমূহৰ লগতে বহু পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে ৷ উদ্ধাৰ কৰা সামগ্ৰীবোৰৰ ভিতৰত 5 টা পিষ্টল, 10 টা পিষ্টলৰ মেগজিন, 77 জাই পিষ্টলৰ গুলী, এডাল পিষ্টল পৰিস্কাৰ কৰা ৰ’ড, 4 টা হেণ্ড গ্ৰেনেড আৰু 9,450 কিলোগ্ৰাম ওজনৰ 10 পেকেট হেৰ’ইনৰ দৰে নিচাজাতীয় পদাৰ্থ উদ্ধাৰ কৰে ৷