অসম

assam

By

Published : Mar 27, 2022, 1:13 PM IST

ETV Bharat / bharat

ত্ৰিপুৰাত প্ৰায় ৬০ লাখ টকাৰ গাঞ্জা জব্দ

ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে শনিবাৰে ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ (Huge amount of cannabis seized in Tripura)। এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৬০ লাখ টকাৰ গাঞ্জা । ঘটনা সন্দৰ্ভত ট্ৰাক চালকক আটক ।

Cannabis seized in Tripura
ত্ৰিপুৰাত প্ৰায় ৬০ লাখ টকাৰ গাঞ্জা জব্দ

আগৰতলা, ২৭ মাৰ্চ :ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ অভিযান অব্যাহত আছে । ইয়াৰ মাজতে আন এক বৃহৎ সফলতা আৰক্ষীৰ । আৰক্ষীয়ে পুনৰ জব্দ কৰিলে প্ৰায় ৬০ লাখ টকাৰ গাঞ্জা (Cannabis seized in Tripura)। ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰা মহকুমাৰ অন্তৰ্গত মুংগিয়াকামি অঞ্চলৰ পৰা আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি । গাঞ্জাখিনিৰ পৰিমাণ ১৩৩১ কিলোগ্ৰাম হ'ব বুলি জানিব পৰা গৈছে । ১২ চকীয়া এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি (Tripura police seized cannabis)।

তেলিয়ামুৰাৰ মহকুমা আৰক্ষী বিষয়া সোনাচৰণ জামাতিয়াই জনোৱা মতে শনিবাৰে মুংগিয়াকামি আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত ৪১ মাইলত বাহনসমূহ পৰীক্ষা কৰি আছিল । সেই সময়ত আগৰতলাৰ দিশৰ পৰা এখন ট্ৰাক আহি আছিল । তাৰ পাছত আৰক্ষীয়ে ট্ৰাকখনতো তালাচী চলায় । তালাচীৰ সময়তে ট্ৰাকখনৰ পৰা শুকান গাঞ্জাখিনি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Huge amount of cannabis seized in Tripura)।

ট্ৰাকখন জব্দ কৰাৰ লগতে আৰক্ষীয়ে ট্ৰাক চালক ৰবি কুমাৰকো আটক কৰিছে (Tripura police arrest cannabis suppliers)। খোৱাই জিলাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীয়ে খবৰটো পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে জনোৱা মতে গাঞ্জাখিনি আগৰতলাৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল ।

লগতে পঢ়ক :হোজাইত কোটি টকাৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details