সাধাৰণতে শীতকালত উফিৰ সমস্যাৰ সৈতে আমি সন্মুখীন হ'বলগীয়া হয় । তেনে স্থলত আমি উফিৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ অলিভ অইল ব্যৱহাৰ কৰিব পাৰে । ই কেৱল উফিৰ সমস্যাৰ সৈতে মোকাবিলা কৰাই নহয় আপোনাৰ চুলি মজবুত কৰাতো সহায় কৰে । আনহাতে, চুলিৰ শুষ্কতা দূৰ কৰা, নিৰ্জীৱ চুলি কোমল কৰাতো উপকাৰী (olive oil for hair) ৷
উফিৰ পৰা মুক্তি পাবলৈ অলিভ অইলৰ সৈতে প্ৰাকৃতিক সামগ্ৰী মিহলাই ল’ব পাৰে (Can olive oil get rid of dandruff) । এইবোৰে চুলিক গভীৰভাৱে পুষ্টি প্ৰদানৰ কাম কৰে (How To Use Olive Oil To Treat Dandruff) । চুলিৰ বাবে কি কি উপায়েৰে অলিভ অইল ব্যৱহাৰ কৰিব পাৰে জানো আহক-
অলিভ অইল মালিচ কৰক(Massage with olive oil)
এটা বাটিত অলিভ অইল লওক । এই তেল গৰম কৰি লওক । এই তেলেৰে কিছু সময় মূৰ মালিচ কৰক । চুলিৰ ওপৰত প্ৰায় ৪০ৰ পৰা ৪৫ মিনিটমান ৰাখিব । ইয়াৰ পিছত চুলিখিনি চেম্পুৰে ধুব । চুলিৰ বাবে এই তেল সপ্তাহত ১ৰ পৰা ২ বাৰ ব্যৱহাৰ কৰিব পাৰে ।
অলিভ অইল আৰু নহৰু ব্যৱহাৰ কৰক(Use olive oil and garlic)
প্ৰথমে ৭-৮ টা নহৰুৰ ফুটা পিহি লওক । তাত অলিভ অইল দিব । এই দুয়োটা বস্তু গৰম কৰক । এতিয়া এই মিশ্ৰণটো গৰম কৰক । ইয়াৰ পিছত ইয়াক জুইৰ পৰা আঁতৰাই দিয়ক । কিছু সময় ঠাণ্ডা হ’বলৈ দিব । ইয়াৰ পিছত এই তেলেৰে মূৰৰ ছাল আৰু চুলিত মালিচ কৰিব কৰক । এঘণ্টা ধৰি ৰাখিব । ইয়াৰ পিছত চুলিখিনি মাইল্ড চেম্পুৰে ধুব । সপ্তাহত ১ৰ পৰা ২ বাৰ ব্যৱহাৰ কৰিব পাৰে ।