যদি আপোনাৰ পিঠিত মলি আৰু ক’লা ৰং জমা হয়, তেন্তে শৰীৰৰ সামগ্ৰিক সৌন্দৰ্যতাত বেয়াকৈ প্ৰভাৱ পৰে ৷ আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে শীতকালেই হওক বা গ্ৰীষ্মকালেই হওক, মহিলা আৰু যুৱতীয়ে বিয়া বা পাৰ্টিত বেকলেছ ড্ৰেছ বা বেক ৰিভিলিং ড্ৰেছ পিন্ধি ভাল পায় ৷ যিয়ে তেওঁলোকৰ সৌন্দৰ্য বৃদ্ধি কৰে, কিন্তু যদি আপোনাৰ পিঠিত অত্যধিক টেনিং বা ক'লা পৰে তেতিয়া এনে সাজ-পোছাক পিন্ধিবলৈ নিশ্চয় দ্বিধাবোধ হ’ব ৷ আপুনি কোনবোৰ ঘৰুৱা উপায় কৰিব পাৰে জানো আহক, যিয়ে আপোনাক এখন সুন্দৰ পিঠি পোৱাত সহায় কৰিব ৷
পিঠিৰ ক’লা ৰং কেনেকৈ আঁতৰাব ?
বেচন আৰু হালধিৰ পেষ্ট লগাব
মুখখন ধুনীয়া কৰিবলৈ আপুনি নিশ্চয় প্ৰায়ে বেচন আৰু হালধিৰ পেষ্ট প্ৰয়োগ কৰে ৷ একেটা প্ৰতিকাৰ আপোনাৰ পিঠিৰ বাবেও উপযোগী হ’ব পাৰে ৷ ইয়াৰ বাবে এটা বাটিত দৈ আৰু বেচন মিহলাই তাৰ পিছত কিছু দৈ দিব ৷ পেষ্ট তৈয়াৰ হ’লে পিঠিত ১৫ৰ পৰা ২০ মিনিট লগাব ৷ যদি আপুনি নিয়মিতভাৱে এই কাম কৰে তেন্তে এসপ্তাহৰ ভিতৰত ইয়াৰ ফলাফল পাব ৷