অসম

assam

By

Published : Jun 22, 2023, 2:04 PM IST

Updated : Jun 22, 2023, 2:36 PM IST

ETV Bharat / bharat

Lychee Lemonade: ৰোগ প্ৰতিৰোধ ক্ষমতা-হজম শক্তি বৃদ্ধি কৰিবলৈ গ্ৰীষ্মকালত খাওক লিচুৰে তৈয়াৰী এইবিধ পানীয়

আজি আমি আপোনালোকৰ বাবে লৈ আহিছো লিচু লেমনেড বনোৱাৰ ৰেচিপি । লিচু লেমনেড সেৱন কৰিলে আপোনাৰ হজম শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে । কেৱল এয়াই নহয়, লিচুয়ে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য, ভাইৰাছৰ সংক্ৰমণ আৰু চকুক সুস্থ কৰি ৰাখে ।

How To Make Lychee Lemonade at Home
ৰোগ প্ৰতিৰোধ ক্ষমতা-হজম শক্তি বৃদ্ধি কৰিবলৈ গ্ৰীষ্মকালত খাওক লিচুৰে তৈয়াৰী এইবিধ পানীয়

লিচু হৈছে গ্ৰীষ্মকালীন এবিধ ৰসাল ফল যিটোত ভিটামিন চি, কপাৰ, পটাছিয়ামৰ দৰে এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে । সাধাৰণতে মানুহে লিচু চালাড বা ৰসৰ ৰূপত সেৱন কৰি ভাল পায় । লিচু এনেকুৱা এবিধ ফল, যিটো এন্টিঅক্সিডেন্টৰ ভাল উৎস বুলি গণ্য কৰা হয় । আপুনি জানি আচৰিত হ’ব যে এই ফলটোৱে ডায়েবেটিছ আৰু এন্টিঅক্সিডেন্ট ষ্ট্ৰেছ প্ৰতিৰোধ কৰাত সহায় কৰে আৰু লগতে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাতো কাম কৰে ।

গ্ৰীষ্ম অহাৰ লগে লগে আমাৰ মাজৰ বহুতেই সেই ফলবোৰৰ প্ৰতি হাহাকাৰ কৰিবলৈ আৰম্ভ কৰে, যিবোৰ কেৱল গ্ৰীষ্মকালতহে বজাৰত সহজে পোৱা যায় । লিচুও গ্ৰীষ্মকালীন ফল, যিটো সকলো বয়সৰ লোকে ভাল পায় । এই ফল কেৱল সোৱাদযুক্তই হোৱাই নহয়, বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰে সমৃদ্ধ । যিহেতু লিচুৰ সোৱাদ মিঠা, সেয়েহে ইয়াক আইচক্ৰীম, ৰসকে ধৰি বহু কামত ব্যৱহাৰ কৰা হয় ।

কিন্তু আপুনি কেতিয়াবা লিচু লেমনেড সেৱন কৰিছেনে ? যদি নাই, তেন্তে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো লিচু লেমনেড তৈয়াৰৰ ৰেচিপি । লিচু লেমনেড সেৱন কৰিলে আপোনাৰ হজম শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে । কেৱল এয়াই নহয়, লিচুয়ে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য, ভাইৰাছৰ সংক্ৰমণ আৰু চকুক সুস্থ কৰি ৰাখে । লিচু লেমনেড পান কৰিলে ডিহাইড্ৰেচনৰ সমস্যাও দূৰ হয়, গতিকে লিচু লেমনেড কেনেকৈ বনাব লাগে জানো আহক...

লিচু লেমনেড বনাবলৈ উপকৰণ-

  • নেমুৰ ৰস ১ চামুচ
  • লিচুৰ ৰস ১ কাপ
  • ৰুচি অনুসৰি ক’লা নিমখ
  • গুড়ি চেনি ১ চামুচ
  • বৰফৰ টুকুৰা ৩-৪
  • প্লেইন চোডা ১ বটল

লিচু লেমনেড কেনেকৈ বনাব ? (How To Make Lychee Lemonade)

  • লিচু লেমনেড বনাবলৈ প্ৰথমে লিচু লওক ।
  • তাৰ পিছত আপুনি সেইবোৰৰ বাকলি উলিয়াই পাল্প উলিয়াই ব্লেণ্ডাৰত পিচি লওক ।
  • ইয়াৰ পিছত লিচুৰ সতেজ ৰস উলিয়াই লওক ।
  • তাৰ পিছত আপুনি ব্লেণ্ডাৰত বৰফৰ টুকুৰা, চেনি আৰু নেমুৰ ৰস দিব ।
  • ইয়াৰ পিছত আৰু এবাৰ ভালদৰে মিহলাই লওক।
  • তাৰ পিছত প্ৰস্তুত কৰা ৰসখিনি এটা চাৰ্ভিং গ্লাছত উলিয়াই লওক ।
  • ইয়াৰ পিছত ওপৰত চোডা আৰু ক’লা নিমখ দি পৰিবেশন কৰিব ।
  • এতিয়া আপোনাৰ ঠাণ্ডা লিচু লেমনেড সাজু হৈছে ।

লগতে পঢ়ক:Uses of Sour Curd: এনেদৰে খাদ্যত ব্যৱহাৰ কৰক টেঙা দৈ, দুগুণ বৃদ্ধি পাব সোৱাদ

Last Updated : Jun 22, 2023, 2:36 PM IST

ABOUT THE AUTHOR

...view details