অসম

assam

ETV Bharat / bharat

লালু প্ৰসাদৰ আগমনে কেনে প্ৰভাৱ পেলাব বিহাৰৰ ৰাজনীতিত ? - Politics equation in Bihar

দিল্লীৰ পৰা সুস্থহৈ অতি শীঘ্ৰে বিহাৰলৈ আহিব আৰজেডি (RJD)ৰ শীৰ্ষ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ । তেওঁৰ আগমনৰ খবৰ পোৱাৰ লগে লগে বিহাৰৰ ৰাজনীতিত পুনৰ গৰম বতাহ বলিছে । বিভিন্নজনে আশা কৰা মতে বিহাৰৰ ৰাজনীতিত ব্যাপক পৰিৱৰ্তন হ'ব নেতাগৰাকীৰ আগমনত ।

RJD
লালু প্ৰসাদৰ বিহাৰ আগমন

By

Published : Jun 25, 2021, 6:43 PM IST

নেশ্যনেল ডেস্ক, ২৫ জুন :দীৰ্ঘদিন ধৰি জেলত থকাৰ পিছত শেহতীয়াকৈ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ(RJD) শীৰ্ষ নেতা লালু প্ৰসাদ যাদৱে জামিন লাভ কৰিছিল । কিন্তু অসুস্থতাৰ বাবে জামিনত মুকলি হোৱাৰ পিছতো তেওঁ দিল্লীতে আছে । আৰজেডি(RJD)ৰ মুৰব্বীগৰাকী নতুন দিল্লীত তেওঁৰ কন্যা মিছা ভাৰতীৰ চৰকাৰী বাসভৱনত আছে ।

কিন্তু সূত্ৰৰ পৰা জানিব পৰা মতে ৭৩ বছৰীয়া জ্যেষ্ঠ নেতাগৰাকী অহা মাহত বিহাৰলৈ উভতি অহাৰ সম্ভাৱনা আছে । নেতাগৰাকীৰ আগমনৰ এই খবৰ লাভ কৰাৰ পিছতে তেওঁৰ একাংশ অনুৰাগী আৰু দলৰ সমৰ্থকৰ মাজত আনন্দ দেখিবলৈ পোৱা গৈছে । সমান্তৰালকৈ বহু লোকে ধাৰণা কৰিছে বিহাৰৰ ৰাজনীতি পুনৰ গৰম হৈ উঠিব । কিয়নো তেওঁৰ পুত্ৰই ঘোষণা কৰিছিল যে সুস্থ হৈ উঠিলেই লালু প্ৰসাদে সক্ৰিয় ৰাজনীতিলৈ ঘূৰি আহিব ।

তেজস্বী যাদৱে লগতে কৈছিল যে তেওঁ সম্প্ৰতি দিল্লীত পৰিয়ালৰ লোককহে সাক্ষাৎ কৰি আছে । তেওঁ এতিয়াও সম্পূৰ্ণ আৰোগ্য লাভ কৰা নাই । পিতৃৰ প্ৰশংসা কৰি তেজস্বী যাদৱে কৈছিল যে লালু প্ৰসাদ দৰিদ্ৰ শ্ৰেণীৰ বাবে এক আশা । তেওঁৰ জীৱনটো সংগ্ৰামেৰে ভৰা আৰু লাখ লাখ লোকে তেওঁৰ পিতৃকলৈ প্ৰশংসা কৰে ।

তেওঁৰ মতে বিহাৰৰ ৰাইজে লালু প্ৰসাদ সোনকালে সুস্থ হৈ ৰাজনীতিলৈ ঘূৰি অহাটো বিচাৰে । পুত্ৰ তেজস্বীয়ে দাবী কৰা মতে লালু প্ৰসাদেহে সাম্প্ৰদায়িক শক্তিক প্ৰত্যাহ্বান জনাব পাৰিব । পুত্ৰৰ এনে কথাৰ পিছতে ৰাজ্যজুৰি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হোৱাও দেখা গৈছে ।

জানিব পৰা মতে বিহাৰলৈ অহাৰ পূৰ্বে দিল্লীত অহা ৫ জুলাইত আৰজেডি(RJD) দলৰ প্ৰতিষ্ঠা দিৱসত লালু প্ৰসাদ উপস্থিত থাকিব । লালু প্ৰসাদৰ আগমনৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সমান্তৰালকৈ ৰাজনৈতিক বিশ্লেষক সকলেও বিভিন্ন ধৰণৰ আশংকা লক্ষ্য কৰিছে । ৰাজনৈতিক বিশ্লেষক ড০ সঞ্জয় কুমাৰৰ মতে পাটনালৈ অহাৰ পিছত লালুৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব মহাজোটক তেওঁৰ দলৰ সৈতে একত্ৰিত কৰি ৰখা আৰু কংগ্ৰেছত যিকোনো সম্ভাৱ্য বিভেদ ৰোধ কৰা । তেওঁৰ মতে লালু প্ৰসাদ যাদৱে কোনো উত্থান-পতন নোহোৱাকৈ বিহাৰৰ ৰাজনীতিত সক্ৰিয় হৈ থাকিব বুলি আশা কৰাটো একেবাৰে অসম্ভৱ ।

ড০ সঞ্জয় কুমাৰে আশা কৰা মতে বিহাৰলৈ অহাৰ পিছত, লালুৱে নিশ্চিতভাৱে ৰাজনৈতিক পৰিৱৰ্তন আৰু সকলো সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰে । কংগ্ৰেছ দলৰো কেইবাগৰাকী নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কংগ্ৰেছ নেতা প্ৰেম চন্দ্ৰ মিশ্ৰাৰ মতে লালু প্ৰসাদ বিহাৰৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ সভাপতি ।

তেওঁৰ দলৰহৈ বিধানসভাত সৰ্বাধিক বাৰ বিধায়ক হৈ আছে । তেওঁ বহু বছৰ ধৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাম কৰিছে সেয়ে বিহাৰৰ ৰাজনীতিত সক্ৰিয় ভূমিকা পালন কৰা এজন অভিজ্ঞ নেতাই নিশ্চিতভাৱে প্ৰভাৱ পেলাব বুলি তেওঁ আশা কৰে । আৰজেডি নেতা শ্যাম ৰাজাকে লালুৰ প্ৰশংসা কৰি কয় যে তেওঁ সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলৰ বাবে ভগৱানতকৈ কম নহয় ।

তেওঁৰ উভতি অহাটো দলৰ বাবে অতি সান্ত্বনাদায়ক আৰু উৎসাহজনক । শ্যাম ৰজাকে দাবী কৰে যে কেৱল লালু যাদৱৰ উপস্থিতিয়েহে মহাজোঁটক ঐক্যবদ্ধ কৰি ৰখাত সহায় কৰিব । আশা কৰা হৈছে যে লালু প্ৰসাদ যাদৱ উভতি অহাৰ পিছত তেওঁৰ প্ৰাথমিক পদক্ষেপ হ'ব আৰজেডিৰ নেতা আৰু কৰ্মীসকলক একত্ৰিত কৰা । চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰা আৰু কংগ্ৰেছৰ ভিতৰত সম্ভাৱ্য বিৰোধ প্ৰতিহত কৰা লগতে ২০২৪-২৫ চনৰ বাবে ৰাজনৈতিক ৰণনীতি প্ৰস্তুত কৰা আৰু জেডিইউ-বিজেপিৰ মাজৰ তিক্ত সম্পৰ্কৰ সুযোগ গ্ৰহণ কৰা ।

লগতে পঢ়ক:ক'ভিডৰ ডেল্টা প্লাছ প্ৰকাৰক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details