নিউজ ডেস্ক, 15 জানুৱাৰী : স্বাৱলম্বিতাৰ অন্যতম এক নিদৰ্শন বাপী ঘোষ ৷ দুই কানি (স্থানীয় মাটিৰ জোখ) মাটিত কৰা এক বিশেষ ফলৰ খেতি দেখিলে সকলো আচৰিত হৈ পৰিব ৷ আমৰ দৰে হালধীয়া ৰঙৰ ফলবিধ দেখিলে সকলোৰে খাই চাবলৈ মন যায় ৷ কিন্তু এই ফলবিধৰ গোন্ধ পালে খোৱাৰ পাচত উকলিয়াই দিবলৈ বাধ্য হৈ পৰে সকলো ৷
কিন্তু এই ফলবিধৰ নাম ননী বুলি জানিবলৈ দিয়াৰ লগতে বাপী ঘোষে কয় যে, ফলবিধৰ আছে বহু ঔষধীয় গুণাগুণ ৷ ফলবিধ খাবলৈ সোৱাদযুক্ত নহ'লেও ই বিভিন্ন ৰোগৰ নিৰাময় কৰে ৷
চৰকাৰী তথ্যৰ পৰা জানিব পৰা গৈছে যে, এই ফলবিধৰ খেতি কৰা তেওঁ একমাত্ৰ ব্যক্তি ৷ এই ফলবিধ খেতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে তেওঁ গাড়ী চালকৰ চাকৰি ত্যাগ কৰিছিল ৷ ছেপাহীজালা জিলাৰ গোলাঘাটীস্থিত নিজ ঘৰৰ পাছফালে তেওঁ প্ৰথমাৱস্থাত ফলবিধৰ খেতি কৰে ৷ ঘৰৰ মাটিত সফলতা লাভ কৰাৰ পাচতে তেওঁ ওচৰৰে ধান খেতিৰ পথাৰতে মাটি আধিলৈ লৈ ননী খেতি আৰম্ভ কৰে ৷
কিদৰে তেওঁ এই খেতি আৰম্ভ কৰিলে সেই সম্পৰ্কত ঘোষে কয়, "2014 চনৰ পৰাই মই এই খেতিৰ সৈতে জড়িত হৈ আছো ৷ এই বছৰ এনৰেগা আঁচনিৰ অধীনত 2 কানি মাটিত মই খেতি আৰম্ভ কৰিছো ৷ এই ক্ষেত্ৰত চৰকাৰী সহযোগিতা লাভ কৰিলে অধিক মাটিত এই খেতি আৰম্ভ কৰিব পাৰিম ৷"
ঘোষে ভাবে যে, এই খেতিৰ জৰিয়তে যুৱচামে জীৱিকাৰ বাট মুকলি কৰিব পাৰিব ৷ তেওঁৰ মতে, "ননীৰ বহু গুণাগুণ আছে ৷ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামেও এই ফলবিধ সম্পৰ্কত মন্তব্য আগবঢ়াইছিল ৷ এই ফলবিধ সম্পৰ্কত জানিব বিচাৰিলে গুগল অথবা ইউ টিউবৰ সহায় ল'ব পাৰিব ৷"
ত্ৰিপুৰাত এই ফলবিধৰ খেতি অন্য লোকেও কৰিছে যদিও ইয়াৰ সঠিক ব্যৱহাৰ কৰা নাই ৷ কিন্তু ফলবিধৰ সঠিক ব্যৱহাৰ কৰাৰ বাবেই অন্য কৃষকসকলৰ পৰা ঘোষ পৃথক হিচাপে বিবেচিত হৈ পৰিছে ৷ কিয়নো তেওঁ কেৱল নিজেই আহৰণ কৰাই নহয় প্ৰায় 12 জনৰো অধিক লোকক প্ৰদান কৰিছে জীৱিকা ৷ ননীৰ পৰা তৈয়াৰী আচাৰ, থলুৱাভাৱে নিৰ্মিত টেবলেট আৰু পানীয় বিভিন্ন ব্যৱসায়ীৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন স্থানত বিক্ৰী কৰা হৈছে ৷
বাপীয়ে নিজৰ এন্টাৰপ্ৰাইজৰ কোনো অফিচিয়েল নাম প্ৰদান কৰা নাই যদিও তেওঁৰ দ্বাৰা প্ৰস্তুত কৰা এই সামগ্ৰীসমূহে লাভ কৰিছে বিভিন্নজনৰ প্ৰশংসা ৷ চ'ছিয়েল মিডিয়াতো যোগাত্মক সঁহাৰি লাভ কৰিছে ননীৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহে ৷