অসম

assam

By

Published : Apr 5, 2023, 2:57 PM IST

ETV Bharat / bharat

National Walking Day 2023: দৈনিক মাত্ৰ ২০ মিনিট খোজ কাঢ়িলে দূৰ হ'ব হাৰ্ট এটেককে ধৰি বিভিন্ন সমস্যা

প্ৰতি বছৰে ৫ এপ্ৰিলত পালন কৰা এই দিৱসটো ২০০৭ চনত আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনে আৰম্ভ কৰিছিল । ইয়াৰ উদ্দেশ্য হৈছে শাৰীৰিক ক্ৰিয়া-কলাপৰ জৰিয়তে মানুহক সুস্থ হৈ থকাৰ প্ৰতি সচেতন কৰা ।

How much should you WALK to reduce your risk of heart disease?
দৈনিক মাত্ৰ ২০ মিনিট খোজ কাঢ়িলে হাৰ্ট এটেককে ধৰি দূৰ হ'ব এইসমূহ সমস্যা

ৰাষ্ট্ৰীয় খোজ কঢ়া দিৱস ২০২৩ৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীক খোজ কঢ়াৰ প্ৰতি সজাগ কৰা হয় (National Walking Day 2023 Activities and Facts)। খোজ কাঢ়িলে কেৱল শাৰীৰিক নহয়, মানসিকভাৱেও উপকাৰ সাধন হয় আৰু সেইবাবেই শিশু বা বৃদ্ধই হওক সকলোৱে দিনটোত কমেও ২০ মিনিট খোজ কাঢ়িব লাগে (How do you celebrate National Walking Day)।

প্ৰতি বছৰে ৫ এপ্ৰিলত পালন কৰা এই দিৱসটো ২০০৭ চনত আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনে আৰম্ভ কৰিছিল(National Walking Day 2023 Traditions)। ইয়াৰ উদ্দেশ্য হৈছে শাৰীৰিক ক্ৰিয়া-কলাপৰ জৰিয়তে মানুহক সুস্থ হৈ থকাৰ প্ৰতি সচেতন কৰা (National Walking Day 2023 Activities and Facts) ।

খোজ কঢ়াৰ গুৰুত্বৰ বিষয়ে কোৱা এই বিশেষ দিনটোত আমি আপোনালোকক ক'বলৈ ওলাইছো খোজ কঢ়াৰ উপকাৰিতাৰ বিষয়ে । মাত্ৰ ২০ মিনিট খোজ কাঢ়িলেই আপুনি হাৰ্ট এটেককে ধৰি কোনবোৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা মুক্তি পাব পাৰে জানি লওক-

খোজ কঢ়াৰ অভ্যাসে হৃদৰোগ আঁতৰাই ৰাখে: গৱেষণা

এক প্ৰতিবেদন অনুসৰি যদি আপুনি সপ্তাহত ৪ ঘণ্টা খোজ কাঢ়ি কটায়, তেন্তে ই হাৰ্ট এটেককে ধৰি বহু ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে (In which month is National Walking Day celebrated)। ভাৰতত হৃদৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু সেয়েহে দৈনিক খোজ কাঢ়িব লাগে(What to do for National Walking Month)। প্ৰতিবেদন অনুসৰি খোজকাঢ়ি যোৱাৰ ভাল অভ্যাসে হৃদযন্ত্ৰৰ সমস্যাৰ বাবে চিকিৎসালয় পোৱাৰ সম্ভাৱনা কমাই দিয়ে (Walking Habit)।

দৈনিক খোজ কঢ়াৰ সুবিধা

চিকিৎসক আৰু বিশেষজ্ঞৰ মতে, দৈনিক খোজকাঢ়ি যোৱাসকলৰ ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে (National Walking Day 2023 History) । আচলতে খোজ কাঢ়িলে শিৰাত ফ্ৰ’জেন ফেটৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে (Walking Benefits Daily) । তেজৰ সোঁত সঠিক হ’লে ৰক্তচাপৰ সমস্যা নাথাকে (National Walking Day 2023) ।

দৈনিক কেইমিনিটমান খোজ কাঢ়িলে শৰীৰে সক্ৰিয় আৰু সতেজ অনুভৱ কৰে আৰু মনটোও কামত নিয়োজিত হয় (Walking Benefits)। কোৱা হয় যে, যিসকল লোকে গধুৰ ৱৰ্কআউট বা জিমৰ ৰুটিন মানি চলিব নোৱাৰে তেওঁলোকে লাহে লাহে খোজ কঢ়াত অভ্যস্ত হ’ব লাগে । শৰীৰক ফিট অনুভৱ কৰাৰ উপৰিও ই ছালখনকো উপকৃত কৰে (Health Tips Walking)।

লগতে পঢ়ক:Summers Diet: গ্ৰীষ্মকালত হিট ষ্ট্ৰ’কৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰক এই পাঁচবিধ খাদ্য

ABOUT THE AUTHOR

...view details