আমি আমাৰ বৰ্ধিত ওজন কমোৱাৰ বাবে বহু পদ্ধতি অৱলম্বন কৰো, খোজ কঢ়াটো তাৰ ভিতৰত অন্যতম । সুস্থ আৰু ফিট হৈ থাকিবলৈ এইয়া এক উত্তম উপায় । দৈনিক খোজ কঢ়াই আমাৰ শৰীৰক বহু দিশত উপকাৰ কৰে । বিশেষকৈ পেট আৰু কঁকালৰ চৰ্বি কমোৱাত ই বহুত সহায় কৰে (Walking)। পুৱা সাৰ পোৱাৰ পিছত আৰু ৰাতিৰ আহাৰ খোৱাৰ পিছত সঘনাই খোজ কঢ়াটো ভাল । কিন্তু আমাৰ মনত এই প্ৰশ্নটো প্ৰায়ে উত্থাপন হয় যে পেটটো সমতল পাবলৈ দিনটোত কিমান খোজ কাঢ়িব লাগিব (Walking Benefits)। এই বিষয়ে বিতংভাৱে জানো আহক...
ওজন কমাবলৈ খোজ কঢ়াটো উপকাৰী
দৈনিক খোজ কাঢ়িলে ওজন কমাবলৈ সহজ হৈ পৰে আৰু লগতে পেটৰ চৰ্বি কমোৱাতো সহায় কৰে । যদি আপুনি ভাল ফলাফল বিচাৰে তেন্তে স্বাভাৱিক খোজ কঢ়াৰ পৰিৱৰ্তে দ্ৰুতগতিত খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক । যিসকল লোকে অফিচত ৮ৰ পৰা ১০ ঘণ্টা বহি কাম কৰে, সেইসকল লোকৰ ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ, ট্ৰিপল ভেছেল ডিজিজ আৰু হাৰ্ট এটেকৰ আশংকা বেছি । শাৰীৰিক ক্ৰিয়া-কলাপ কম হোৱাৰ বাবে উচ্চ কলেষ্টেৰল আৰু মেদবহুলতা বৃদ্ধি হোৱাটো নিশ্চিত । সেইবাবেই শৰীৰৰ গতি বৃদ্ধিৰ ওপৰত গুৰুত্ব দিব লাগিব ।
অধ্যয়নত প্ৰকাশ পাইছে
কানাডাত কৰা এক গৱেষণাৰ মতে, যিসকল মহিলাই সাড়ে ৩ মাহ ধৰি দৈনিক প্ৰায় এঘণ্টা খোজ কাঢ়িলে আৰু খাদ্যৰ পৰিৱৰ্তন নকৰাকৈয়ে পেটৰ চৰ্বি ২০ শতাংশ হ্ৰাস কৰিব পাৰে । সেইবাবেই আপুনি যিমান পাৰে খোজ কাঢ়িবলৈ চেষ্টা কৰে, কাৰণ বহু সময় বহি থাকিলে শৰীৰৰ বহু ক্ষতি হয় ।