অসম

assam

ETV Bharat / bharat

Fried Food Side Effects: খাবলৈ সোৱাদযুক্ত হ’লেও স্বাস্থ্যৰ পক্ষে এইসমূহ অপকাৰিতা কঢ়িয়াব পাৰে ভজা খাদ্যই - মেদবহুলতা

যদি আপুনিও বেছিকৈ ভজা খাদ্য খায়, তেন্তে ই কেৱল মেদবহুলতাৰ সৃষ্টি কৰাই নহয়, ই আপোনাৰ শৰীৰত আন বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । কেৱল এয়াই নহয় আপোনাৰ শৰীৰত ডায়েবেটিছ উচ্চ ৰক্তচাপৰ লগতে বেয়া কলেষ্টেৰল বাঢ়িবলৈ আৰম্ভ কৰে ।

How Fried Foods Affect Your Heart Health
খাবলৈ সোৱাদযুক্ত হ’লেও স্বাস্থ্যৰ পক্ষে এইসমূহ অপকাৰিতা কঢ়িয়াব পাৰে ভজা খাদ্যই

By

Published : May 15, 2023, 1:15 PM IST

বতৰ সামান্য ঠাণ্ডা হ’লেই একাপ চাহৰ সৈতে গৰম আলুৰ চিঙৰা বা পকৰি খাবলৈ নিশ্চয় মন যায় নহয় জানো । কিন্তু ভজা খাদ্য আপোনাৰ স্বাস্থ্যৰ বাবে কিমান লাভদায়ক ? আপোনালোকক জনাই দিও যে, আন খাদ্যৰ তুলনাত ভজা খাদ্যত অধিক কেলৰি থাকে । কেলৰিৰ লগতে চৰ্বিৰ পৰিমাণো ইয়াত অতি বেছি, যিয়ে আপোনাৰ কেলৰিৰ লগতে মেদবহুলতা বৃদ্ধি কৰি আৰু অন্যান্য ৰোগৰ সৃষ্টি কৰিব পাৰে (Fried Food Side Effects)। শিশুক সৰুৰে পৰা ভজা খাদ্যৰ পৰা আঁতৰাই ৰাখিব লাগে (eat fried food everyday)। এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক ভজা খাদ্য খোৱাৰ ফলত কি কি সমস্যা হ’ব পাৰে-

কেন্সাৰৰ আশংকা

Acrylamide এবিধ ক্ষতিকাৰক পদাৰ্থ, যিটো বেছিকৈ ভজা খাদ্যত পোৱা যায় । বিশেষজ্ঞসকলৰ মতে এক্ৰিলামাইডযুক্ত খাদ্য সেৱন কৰিলে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগ হ’ব পাৰে, সেয়েহে ভজা খাদ্য খোৱাটো পৰিহাৰ কৰক (What fried foods should you avoid)। ই কেৱল আপোনাৰ ওজন বৃদ্ধি কৰাই নহয়, আপোনাক অসুস্থ কৰি তুলিব ।

ডায়েবেটিছৰ আশংকা

ভজা খাদ্যত অস্বাস্থ্যকৰ ট্ৰেন্সফেট বেছি থাকে, যিটো শৰীৰৰ বাবে ভাঙি হজম কৰাটো কঠিন । ই শৰীৰত বিহৰ দৰে কাম কৰে । তেলত খাদ্য ৰান্ধিলে ট্ৰেন্স ফেট বৃদ্ধি পায়, যাৰ ফলত ডায়েবেটিছৰ দৰে বহু ৰোগ হ’ব পাৰে ।

চৰ্বি বৃদ্ধি

স্বাস্থ্য বিশেষজ্ঞৰ মতে, ভজা খাদ্য অত্যধিক গ্ৰহণ কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণহীন আৰু কলেষ্টেৰলৰ মাত্ৰা উচ্চ হ’ব পাৰে । ভজা খাদ্যই টাইপ-২ ডায়েবেটিছ, মেদবহুলতা আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সৃষ্টি কৰে ।

গেছ/এচিডিটি/পেট ফুলা

ভজা খাদ্যত চৰ্বি বেছি থাকে, যিটো পেট আৰু অন্ত্ৰৰ ভিতৰৰ আৱৰণত জমা হয় । ইয়াৰ বাবে খাদ্য হজম হ’বলৈ অধিক সময় লাগে । ইয়াৰ ফলত খাদ্য খোৱাৰ পিছত হাৰ্টবাৰ্ণ, এচিডিটি, এচিড ৰিফ্লাক্স আদি সমস্যা হ’ব পাৰে ।

বেয়া কলেষ্টেৰল / হৃদযন্ত্ৰৰ সমস্যা

সাধাৰণতে ভজা খাদ্যত চেচুৰেটেড আৰু ট্ৰেন্স ফেট পোৱা যায় । এইবোৰ খালে এইচ ডি এল (ভাল কলেষ্টেৰল)ৰ মাত্ৰা হ্ৰাস পায় আৰু তেজত এল ডি এল (বেয়া কলেষ্টেৰল)ৰ মাত্ৰা বৃদ্ধি পায় । ইয়াৰ কাৰণে এথেৰ’স্কলেৰ’ছিছ, হাৰ্ট প্ৰব্লেম, হাৰ্ট এটেক আদি গুৰুতৰ ৰোগ হ’ব পাৰে ।

পেটৰ চৰ্বি বৃদ্ধি

ভজা খাদ্যত অধিক চৰ্বি আৰু কেলৰি থকাৰ উপৰিও নিমখ আৰু চেনিৰ পৰিমাণো পোৱা যায় । এনে খাদ্য হজম কৰিবলৈ পাচনতন্ত্ৰই অধিক কষ্ট কৰিবলগীয়া হয়, যাৰ ফলত আপোনাৰ পেটৰ চৰ্বি আৰু অধিক বৃদ্ধি পাব পাৰে ।

গধুৰতা/মন্থৰতা

ভজা খাদ্য খোৱাৰ পিছত গধুৰতা, আলস্য অনুভৱ হয় । ইয়াৰ লগতে কেইবা ঘণ্টাও পেট ফুলাৰ মাজেৰে পাৰ হ’বলগীয়া হ’ব পাৰে ।

হতাশা/মেজাজৰ দোলন

খাদ্যত প্ৰয়োজনীয় পুষ্টিকৰ উপাদান অন্তৰ্ভুক্ত নকৰা আৰু অস্বাস্থ্যকৰ খাদ্য খোৱাৰ ফলত বহু হৰম’নৰ পৰিৱৰ্তন ঘটে । যাৰ বাবে আচৰণৰ পৰিৱৰ্তন, মেজাজৰ পৰিৱৰ্তন আনকি হতাশাও হ’ব পাৰে ।

এলাৰ্জী

যিকোনো খাদ্য যিমানেই বেছি সময় ভাজি থাকে সিমানেই ক্ষতিকাৰক হৈ পৰে । খজুৱতি আৰু এলাৰ্জীও সেৱনৰ পিছত শৰীৰত হ’ব পাৰে ।

লগতে পঢ়ক:Cardamom Effect On Health: ইলাচিৰ অলৌকিক গুণৰ বিষয়ে জানানে ? স্বাস্থ্যৰ লগত জড়িত ইলাচিৰ উপকাৰিতাৰ বিষয়ে জানি লওক

ABOUT THE AUTHOR

...view details