নেশ্যনেল ডেস্ক, 17 আগষ্ট : বিগত 11 আগষ্টৰ দিনা জাৰ্মানীৰ ফ্ৰেংকফৰ্টত উৰুত গৰম পানীয় পৰা ফলত আঘাতপ্ৰাপ্ত হয় এটি দহ বছৰীয়া কণমানি ৷ মাক-দেউতাকৰ সৈতে বিমানেৰে যাত্ৰা কৰি থকাৰ সময়তে মধ্য আকাশত সংঘটিত হয় এই ঘটনাটো ৷ গৰম পানীয় ভৰ্তি পাত্ৰটোৰ ঢাকোনখন ভালদৰে নলগোৱা বুলি বিমান পৰিচাৰিকাৰ বিৰুদ্ধে অভিযোগ তুলিছে শিশুটিৰ অভিভাৱকে ৷ লগতে শিশুটিৰ পিতৃ-মাতৃয়ে এয়া বিমানখনৰ ক্ৰু মেম্বাৰৰ গাফিলতি বুলিও অভিযোগ কৰে ৷
“Flight UK25 ৰ এজন ক্ৰু মেম্বাৰ পিচলি যোৱাত তাৰা নামৰ এটি 10 বছৰীয়া কণমানিটোৰ গাত গৰম চকলেট পানীয়খিনি পৰি যায় ৷ ফলত তাৰাৰ বাওঁ উৰুত জ্বলা-পোৰা আৰম্ভ হয় । তাৰ পাচতে বিমানখনত থকা এজন পেৰামেডিকেল চিকিৎসাকৰ্মীয়ে তাৎক্ষণিকভাৱে তাৰাক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ।’’ সংবাদ সংন্থা ANI ক এইদৰে কয় ভুক্তভোগী কণমানিটো অভিভাৱকে ।
ভুক্তভোগী কণমানিটো অভিভাৱকে আৰু কয় যে পৰৱৰ্তী পৰ্যায়ত তাৰাক ছানা ক্লিনিকাম অফেনবাচলৈ লৈ যোৱা হয় ৷ য’ত ডাঃ নাৱাৰ বুন্নীয়ে বিষ আৰু জ্বলা-পোৰা উপশমৰ বাবে 1 গ্ৰাম মৰ্ফিন প্ৰদান কৰে । উল্লেখ্য যে, বিগত 11 আগষ্টত নতুন দিল্লীৰ পৰা ভিষ্টাৰৰ বিমান UK25 ৰে ফ্ৰেংকফৰ্টলৈ যাত্ৰা কৰিছিল তাৰা আৰু তেওঁৰ পিতৃ-মাতৃ ৷ দিল্লীৰ পৰা ফ্ৰেংকফৰ্টলৈ যোৱা অৱস্থাতে এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় ৷