নেশ্যনেল ডেস্ক,1 মে’: শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে চিকিৎসালয়সমূহে মহামাৰী কৰ’ণাৰ সময়ত অক্সিজেনৰ অভাৱ সম্পৰ্কে তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিক্ষা লোৱাৰ লগতে জীৱন ৰক্ষাকাৰী গেছ উৎপাদনৰ বাবে অক্সিজেন প্লাণ্ট স্থাপন কৰিব লাগে বুলি প্ৰকাশ কৰে ৷ ইয়াৰ লগতে ন্যায়াধীশ বিপিন সংঘী আৰু ৰেখা পল্লীয়ে কয় যে, কিছুমান চিকিৎসালয়ে অত্যাৱশ্যকীয় অক্সিজেন প্লাণ্টৰ দৰে সামগ্ৰীৰ মূলধন ব্যয় হ্ৰাস কৰিছে ৷ ন্যায়াধীশজনে কয় যে অক্সিজেন প্লাণ্টসমূহ অত্যাৱশ্যকীয় । ইয়াক নোপোৱাতো দায়িত্বহীন বুলি ক’ব পাৰি ৷
চিকিৎসালয়সমূহে অভিজ্ঞতাৰ পৰা শিকিব লাগে: উচ্চ ন্যায়ালয় - উচ্চ ন্যায়ালয়
দিল্লীত প্ৰচলিত অক্সিজেন সংকটৰ সন্দৰ্ভত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে কয় যে চিকিৎসালয়সমূহে তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিকিব লাগে ৷ জীৱন ৰক্ষাকাৰী অক্সিজেন প্লাণ্ট স্থাপন কৰাৰো পোষকতা কৰে উচ্চ ন্যায়ালয়ে ৷
![চিকিৎসালয়সমূহে অভিজ্ঞতাৰ পৰা শিকিব লাগে: উচ্চ ন্যায়ালয় চিকিৎসালয়সমূহে নিজ অভিজ্ঞতাৰ পৰা শিকিব লাগে আৰু এটা অক্সিজেন প্লান্ট স্থাপন কৰিব লাগে : উচ্চ ন্যায়ালয়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11602617-1084-11602617-1619862551795.jpg)
চিকিৎসালয়সমূহে নিজ অভিজ্ঞতাৰ পৰা শিকিব লাগে আৰু এটা অক্সিজেন প্লান্ট স্থাপন কৰিব লাগে : উচ্চ ন্যায়ালয়
আনহাতে, দিল্লীয়ে যুঁজি থকা অক্সিজেনৰ সংকট আৰু অন্যান্য ক’ভিড 19 সম্পৰ্কীয় বিষয়বোৰৰ কেইবাটাও আবেদন গ্ৰহণ কৰি আদালতে কয় যে চিকিৎসালয়সমূহে অভিজ্ঞতাৰ পৰা শিকিব লাগে আৰু অক্সিজেন প্লাণ্ট স্থাপন কৰিব লাগে ৷
লগতে পঢ়ক : প্ৰতিষেধক বিতৰণৰ বাবে তেলেংগানাত হ'ব ড্ৰোণ ব্যৱহাৰৰ পৰীক্ষণ