নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: চিকিৎসালয় কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে পিতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পৰাও বঞ্চিত হ'ল পুত্ৰ । এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত । প্ৰয়াগৰাজৰ এছ আৰ এন ক'ভিড এল ৩ চিকিৎসালয়ত যোৱা ১৩ এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল বাচিলালৰ পিতৃ মতিলাল । যোৱা ১৭ এপ্ৰিলতে মতিলালে শেষ নিশ্বাস ত্যাগ কৰে ।
পুত্ৰ বাচিলালে জনোৱা মতে, ৮২ বছৰীয়া মতিলালৰ বাবে তেওঁ ২১ এপ্ৰিললৈকে দৈনিক খাদ্য, ফলৰ ৰস আৰু কাপোৰ চিকিৎসালয়ৰ কৰ্মচাৰীসকলক দি আহিছিল । চিকিৎসালয়ৰ কৰ্মচাৰীসকলেও এই সামগ্ৰীবোৰ সংগ্ৰহ কৰিছিল আৰু কৈছিল যে সেইবোৰ মতিলালক হস্তান্তৰ কৰা হৈছে । কিন্তু ২১ এপ্ৰিলত, বাচিলালক জনোৱা হৈছিল যে, ৰোগীয়ে খাদ্য সামগ্ৰী আৰু কাপোৰ ল'বলৈ অস্বীকাৰ কৰিছে ।
ইয়াৰ পিছত পিতৃৰে সৈতে কথা পাতিবলৈ অনুমতি দিবলৈ বাচিলালে চিকিৎসালয়ৰ কৰ্মচাৰীসকলক জোৰ দিয়ে । অৱশেষত তেওঁক কোভিড ৱাৰ্ডৰ ভিতৰলৈ লৈ যোৱা হয় । কিন্তু তেওঁ নিজৰ পিতৃৰ ঠাইত আন এজন লোকক দেখি হতবাক হৈ পৰে । এই বিষয়ে চিকিৎসালয়ৰ কৰ্মচাৰীসকলক সোধাত বাচিলালে অৱগত হয় যে, মতিলালৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰিছিল আৰু যোৱা ১৭ এপ্ৰিলত তেওঁৰ মৃত্যু হয় ।