নেচনেল ডেস্ক, 2 জানুৱাৰী:হাৰিয়ানাত নিজ ভাতৃৰ হাততে এগৰাকী যুৱকে মৃত্যুক সাৱটি লোৱাৰ এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে ৷ হাৰিয়ানাৰ পানিপথ অঞ্চলৰ ভাৱনা চকত তিনি ভাতৃৰ বিৰুদ্ধে ছুৰীৰে হানি খুচি নিজ ভাতৃ নিৰজ পুত্ৰ গুলচন কুমাৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
অভিযোগ অনুসৰি ভাতৃ গুলচন কুমাৰৰ প্ৰেম বিবাহত অসন্তুষ্ট আছিল অন্য তিনি ভাতৃ ক্ৰমে অজয়, বিজয় আৰু পৱন ৷ ভাতৃৰ প্ৰেম বিবাহক লৈ সৃষ্টি হোৱা অসন্তুষ্টিৰ পৰিণতিতেই তিনিওগৰাকী ভাতৃয়ে মিলি গুলচনক ছুৰীৰে আক্ৰমণ কৰাৰ ফলত সদ্য বিবাহিত যুৱক গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷