অসম

assam

ETV Bharat / bharat

অধিক ভয়াৱহ হ’ব দেশৰ ক’ভিড পৰিস্থিতি - দিল্লী উচ্চ ন্যায়ালয়

অধিক ভয়ানক হ'ব 1.4 বিলিয়ন লোকৰ বসতিস্থল ভাৰতবৰ্ষৰ ক’ভিড পৰিস্থিতি ৷ অক্সিজেন আৰু চিকিৎসালয়ৰ বিচনাৰ অভাৱৰ বাবে মৃত্যুমুখত পৰিছে বৃহৎ সংখ্যক লোক ৷

অধিক ভয়াৱহ হ’ব দেশৰ ক’ভিড পৰিস্থিতি
অধিক ভয়াৱহ হ’ব দেশৰ ক’ভিড পৰিস্থিতি

By

Published : May 4, 2021, 9:58 PM IST

নেচনেল ডেস্ক,4 মে’:দেশত ভয়ংকৰ গতিত বাঢ়ি আহিছে ক’ভিড-19 ৰ সংক্ৰমণজনিত মৃত্যুৰ হাৰ ৷ সদ্যহতে এই সংকটৰ অন্ত পৰাৰ কোনো লক্ষণ নাই ৷ এই সম্পৰ্কত এজন শীৰ্ষ বিশেষজ্ঞই সতৰ্ক কৰি কয় যে, প্ৰায় 1.4 বিলিয়ন লোকৰ বসতিস্থল ভাৰতত অনাগত সপ্তাহবোৰ অধিক ভয়ানক হোৱাৰ সম্ভাৱনা আছে । চিকিৎসালয় ভৰ্তি হৈ চিকিৎসালয়ৰ বাহিৰতে মানুহে প্ৰাণ হেৰুৱাইছে আৰু বাহিৰত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াই নিশাৰ আকাশ উজলাই তুলিছে ।

লক্ষণীয় যে, ফেব্ৰুৱাৰী মাহৰ পৰা ভাৰতত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে ৷ এই ভাইৰাছৰ অধিক সংক্ৰামক প্ৰকাৰ এটা দেশলৈ আহিছে ৷

ইফালে, একাধিক ৰাজ্যৰ নিৰ্বাচন অথবা তাৰ পূৰ্বে ধৰ্মীয় উৎসৱ আৰু ৰাজনৈতিক সমদলৰ বাবে বৃহৎ জন সমাগম হ'বলৈ অনুমতি দিয়া চৰকাৰী সিদ্ধান্তৰ ওপৰতো এতিয়া আঙুলি উঠিছে ৷ যোৱা মাহত ভাৰতৰ শীৰ্ষ স্বাস্থ্য বিষয়া ৰাজেশ ভূষণে কৰ্তৃপক্ষ কিয় ক’ভিডক লৈ সঠিকভাৱে প্ৰস্তুত নহয়, সেই বিষয়ে মতামত দিবলৈ অস্বীকাৰ কৰিছিল ৷ কিন্তু স্পষ্ট ৰূপত সকলোৱে বুজি উঠিছে, বটলযুক্ত অক্সিজেন আৰু চিকিৎসালয়ৰ বিচনাৰ অভাৱৰ বাবে বা শৰীৰত ভাইৰাছ বিধৰ অৱস্থিতি পৰীক্ষা কৰিব নোৱাৰাৰ বাবে বহু লোকৰ মৃত্যু হৈছে ।

ভাৰতৰ প্ৰতিদিনে নতুনকৈ পোহৰলৈ অহা সংক্ৰমণৰ ঘটনাৰ চৰকাৰী হিচাপত 1 এপ্ৰিলৰ দিনটোত 65,000 ৰ সীমা পাৰ হৈ 3,70,000 লৈ বৃদ্ধি হৈছে ৷ প্ৰতিদিনে হোৱা মৃত্যুৰ সংখ্যাও চৰকাৰীভাৱে 3000-3,000 অতিক্ৰম কৰিছে । মঙলবাৰে স্বাস্থ্য মন্ত্ৰালয়ে যোৱা 24 ঘণ্টাত 3,57,229 টা নতুন ক’ভিডৰ সংক্ৰমণ আৰু 3,449 টা ক’ভিড 19 জনিত মৃত্যুৰ প্ৰতিবেদন প্ৰকাশ কৰে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ স্কুল অৱ পাব্লিক হেলথৰ ডিন ড৹ আশীষ ঝাই কয় যে, তেওঁ ভাৰতৰ পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে ৷ তেওঁৰ সৈতে যোগাযোগ থকা দেশৰ নীতি-নিয়ম প্ৰণয়ন কৰ্তাসকলে জনাইছে যে, তেওঁলোকে বিশ্বাস কৰে পৰৱৰ্তী কেইটামান দিনৰ ভিতৰত পৰিস্থিতিৰ উন্নতি হ'ব ।

ঝাই লগতে কয়, এতিয়া ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন ৷ টাৰ্গেটেড চাট ডাউন, অধিক পৰীক্ষা, সকলোৱে মাস্ক পিন্ধা আৰু বৃহৎ সমাৱেশ পৰিহাৰ কৰা আদি পথ অৱলম্বন কৰি আমি কৰ’ণাৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পাৰিম ৷

ইফালে মৃত্যু আৰু সংক্ৰমণৰ পৰিসংখ্যাৰ নিৰ্ভৰযোগ্যতাৰ ওপৰতো উঠিছে প্ৰশ্ন ৷ কিয়নো চৰকাৰী নিৰ্দেশাৱলীসমূহে ভাৰতৰ ৰাজ্য সমূহক কৰ’ণাৰ প্ৰাদুৰ্ভাৱৰ ফলত হোৱা মৃত্যু নথিভুক্ত কৰোতে সন্দেহজনক ঘটনাবোৰ অন্তৰ্ভুক্ত কৰিবলৈ কয় ৷ কিন্তু বহুতেই কাৰ্যক্ষেত্ৰত এনে নকৰে ।

যোৱা দেওবাৰৰ দিল্লীৰ পৌৰ নিগমৰ তথ্য অনুসৰি মৃতকৰ সংখ্যা হৈছে 1,680 গৰাকী ৷ কিন্তু একেটা দিনতেই নতুন দিল্লীৰ পৰা প্ৰকাশ পোৱা চৰকাৰী সংখ্যাত মাত্ৰ 407 টা ক’ভিডজনিত মৃত্যুৰ তথ্য প্ৰকাশ পাইছিল ৷ নতুন দিল্লীৰ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ ঘোষণা কৰিছে যে, যদিহে চিকিৎসালয়সমূহলৈ আৱণ্টিত অক্সিজেনৰ যোগান বিতৰণ কৰা নহয়, তেন্তে চৰকাৰী বিষয়াসকল ইয়াৰ বাবে শাস্তিৰ সন্মুখীন হ’ব ৷

ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ ড৹ বিনীতা বালে মন্তব্য কৰিছে যে, ক’ভিডজনিত কাৰণত হোৱা এনে মৃত্যুবোৰে ভাৰতৰ স্বাস্থ্য ব্যৱস্থাৰ দুৰ্বলতাক সামগ্ৰিকভাৱে প্ৰতিফলিত কৰিছে ৷

লগতে পঢ়ক :হায়দৰাবাদৰ চিৰিয়াখানাত সিংহৰ দেহত ক'ভিড 19

ABOUT THE AUTHOR

...view details