নেশ্যনেল ডেস্ক,৬ জুন :ওড়িশাৰ ৰে'ল দুৰ্ঘটনাই দেশবাসীক জোকাৰি যোৱাৰ সময়তে কৰ্ণাটকত আন এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । দুৰ্ঘটনাটোত শিশুসহ ৫ গৰাকী লোকৰ মৃত্যু (5 death in Karnataka accident)। দুৰ্ঘটনাটোত প্ৰায় ১৩ গৰাকী লোক আহত হয় । সম্প্ৰতি তেওঁলোক চিকিৎসালয়ত ভৰ্তি হৈ আছে । পথ দুৰ্ঘটনাটোক লৈ ৰাজ্যজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।
দুৰ্ঘটনাটোত একেটা পৰিয়ালৰে ৫ গৰাকী লোকৰ মৃত্যু হয় । জানিব পৰা মতে পৰিয়ালটোৰ সদস্য মুনীৰ, নয়ামত উল্লাহ, মীজা, মুদ্দাছিৰ আৰু চুমিৰ মৃত্যু হয় । খবৰ অনুসৰি তেওঁলোক অন্ধ্ৰ প্ৰদেশৰ নন্দিয়ালা জিলাৰ ভেলাগোডু গাঁৱৰ বাসিন্দা । কালাবুৰুগীত চলি থকা দৰগাহ উৰুছ মেলালৈ তেওঁলোক যাত্ৰা কৰি আছিল । তেওঁলোকে যাত্ৰা কৰি থকা বাহনখনে ৰৈ থকা ট্ৰাক এখনত খুন্দা মাৰে (Karnataka tragic accident)। বাহনখনত প্ৰায় ১৮ গৰাকী লোক আছিল ।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোক আৰু একাংশ যাত্ৰীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু বাহনখনত থকা আহতসকলক উদ্ধাৰ কৰে । পাচত লোকসকলে দুৰ্ঘটনা সম্পৰ্কে আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ পাচতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে । আনহাতে মৃতদেহবোৰ বাহনৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।