অসম

assam

ETV Bharat / bharat

সিংহ ৰাশিত সূৰ্যৰ প্ৰৱেশ: ৰাশিচক্ৰত ইয়াৰ প্ৰভাৱ - সিংহ ৰাশিত সূৰ্যৰ প্ৰৱেশ

ৰাশিত সূৰ্য প্ৰৱেশ কৰাৰ লগে লগে কেনে যাব আপোনাৰ এই বিশেষ দিনটো ?

সিংহ ৰাশিত সূৰ্যৰ প্ৰৱেশ
সিংহ ৰাশিত সূৰ্যৰ প্ৰৱেশ

By

Published : Aug 17, 2021, 12:05 AM IST

মেষ ৰাশি : ৰাশিচক্ৰৰ এই পৰিৱৰ্তনৰ ফলত আপুনি দেৱ-দেৱীৰ উপাসনা কৰাত অধিক আগ্ৰহী হ’ব । আপোনাৰ বাবে অধিক উপাৰ্জনৰ নতুন পথ খোল খাব । শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়া-শুনাত ভাল ফলাফল লাভ কৰিব । আপোনাৰ বুদ্ধিমত্তা আৰু তীক্ষ্ণ হ’ব । আপুনি আপোনাৰ পিতৃৰ আশীৰ্বাদ লাভ কৰিব । মানৱীয় মূল্যবোধে আপোনাৰ সবল কৰি তুলিব । একে সময়তে, আপুনি আপোনাৰ সন্তানৰ বাবে চিন্তিত অনুভৱ কৰিব পাৰে ।

প্ৰতিকাৰ :প্ৰতিদিন সূৰ্য দেৱৰ উপাসনা কৰক তথা তেওঁলৈ তামৰ পাত্ৰত পানী অৰ্পণ কৰক ।

বৃষ ৰাশি:সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপুনি কোনো নতুন সম্পত্তি কিনিবলৈ আগ্ৰহ অনুভৱ কৰিব পাৰে । আপুনি এখন বাহনো কিনিব পাৰে । আপুনি এনে এটা কামৰ ক্ষেত্ৰত লাভান্বিত হ’ব, য’ত চৰকাৰী বিভাগৰ জড়িত হৈ আছে । আপুনি সু-স্বাস্থ্য উপভোগ কৰিব । আপুনি নিয়মানুৱৰ্তিতা বৃদ্ধি কৰিবলৈ চেষ্টা

কৰিব ।

প্ৰতিকাৰ : প্ৰতিদিন আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক ।

মিথুন ৰাশি: সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ সাহস বৃদ্ধি হ’ব পাৰে । আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰসাৰৰ বাবে কেইবাটাও নতুন আঁচনিৰ ওপৰত কাম কৰিব । এই গোটেই মাহজুৰি আপোনাৰ সন্মান তথা সম্ভ্ৰম বৃদ্ধি পাব । আপুনি ভালেমান ধন উপাৰ্জন কৰিব । চৰকাৰী বিভাগৰ সৈতে জড়িত কোনো কামত আপুনি নিশ্চিত লাভাৰ্জন কৰিব । আপুনি উৰ্ধতম বিষয়াসকলৰ সংস্পৰ্শলৈ আহিব । স্বাস্থ্য উন্নত হ’ব ।

প্ৰতিকাৰ :প্ৰতিদিনে ঔম সূৰ্য্যায় নমঃ এই মন্ত্ৰফাকি জপ কৰক ।

কৰ্কট ৰাশি:এইটো মাহত আপুনি আপোনাৰ পচন্দৰ খাদ্য উপভোগ কৰিব । এই মাহত আপোনাৰ পৰিয়ালৰ সন্মান তথা মৰ্যদা বৃদ্ধি পাব । একে সময়তে, আপুনি বহুত খৰচ কৰিব পাৰে । এইটো মাহত আপুনি আনসকলৰ প্ৰতি নম্ৰ হোৱা উচিত । আপোনাৰ কথা-বতৰা তিক্ত হ’ব পাৰে, গতিকে আপুনি সতৰ্ক হ’ব লাগিব । বিদেশী ৰাষ্ট্ৰৰ সৈতে সম্পৰ্কিত কামবোৰৰ ক্ষেত্ৰত আপুনি কঠিন পৰিশ্ৰম কৰা উচিত ।

প্ৰতিকাৰ : ভগৱান বিষ্ণুৰ উপাসনা কৰক ।

সিংহ ৰাশি:আজি সিংহ ৰাশিত সূৰ্যৰ প্ৰৱেশ ঘটিব । পৰৱৰ্তী এটা মাহজুৰি সূৰ্যই আপোনাৰ ৰাশিত অৱস্থান কৰিব । এই পৰ্যায়টোত আপোনাৰ নেতৃত্ব প্ৰদানৰ দক্ষতা বৃদ্ধি পাব । আপুনি ব্যৱসায়ত লাভাৰ্জন কৰিব । আপোনাৰ আচৰণ আৰু অধিক আৱেগ প্ৰৱন হ’ব পাৰে । আপুনি অহংকাৰীও হৈ পৰিব পাৰে । আপুনি কঠিন সিদ্ধান্ত ল’ব, কিন্তু আপুনি আপোনাৰ ব্যৱসায়ৰ কল্যানৰ কথাও চিন্তা কৰিব ।

প্ৰতিকাৰ : শ্ৰী সূৰ্য অষ্টক পাঠ কৰক ।

কন্যা ৰাশি:সিংহ ৰাশিত সূৰ্যৰ প্ৰৱেশৰ ফলত কন্যা ৰাশিৰ জাতক-জাতিকাসকলে বিদেশী ৰাষ্ট্ৰৰ সৈতে সম্পৰ্কিত বিষয়বোৰত সাফল্য লাভ কৰিব পাৰে । আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ’ব । অৱশ্যে, আপোনাৰ কথনত আগ্ৰাসন থাকিব পাৰে । ন্যায়িক বিষয়সমূহত আপুনি দেৰিকৈ সাফল্য লাভ কৰিব পাৰে । তাৰোপৰি, আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলক জয় কৰিব পাৰে । আপুনি আপোনাৰ স্বাস্থ্যৰ ভালদৰে যত্ন ল’ব লাগিব । আৱেগ প্ৰৱন হোৱাৰ পৰা বিৰত থাকক ।

প্ৰতিকাৰ :আপোনাৰ ঘৰৰ পূৱ পিনৰ দেৱালত উদিত সূৰ্যৰ চিত্ৰ লগাওঁক ।

তুলা ৰাশি : সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ ইচ্ছাসমূহ পূৰণ হ’ব । আপোনাৰ দুশ্চিন্তাসমূহৰ অন্ত পৰিব । আপুনি সু-স্বাস্থ্য উপভোগ কৰিব । আপোনাৰ আয় দ্ৰুতভাৱে বৃদ্ধি হ’ব । চৰকাৰী বিভাগৰ সৈতে সম্পৰ্কিত কামবোৰত আপুনি লাভাৰ্জন কৰিব । আপুনি কিছু চৰকাৰী আঁচনিৰ দ্বাৰাও লাভান্বিত হ’ব পাৰে । শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়া-শুনাত ভাল ফলাফল লাভ কৰিব ।

প্ৰতিকাৰ :দেওবাৰে ভগৱান বিষ্ণুৰ উপাসনা কৰক তথা তেওঁলৈ মিঠাই অৰ্পণ কৰক।

বৃশ্চিক ৰাশি :সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপুনি আপোনাৰ কামত পৰ্যাপ্ত লাভ অৰ্জন কৰিব । আপুনি আপোনাৰ চাকৰিত পদোন্নতি লাভ কৰিব পাৰে । আয়ো বৃদ্ধি হ’ব । আপোনাৰ অধিকাৰসমূহো বৃদ্ধি হ’ব । আপুনি আপোনাৰ পাৰিবাৰিক দায়িত্বসমূহ পালন কৰিব তথা এগৰাকী দক্ষ ব্যক্তি হৈ পৰিব । চৰকাৰী খণ্ডত লাভাৰ্জন কৰিব ।

প্ৰতিকাৰ :প্ৰতিদিন সূৰ্য্যোদয়ৰ সময়ত গায়ত্ৰী মন্ত্ৰ জপ কৰক।

ধনু ৰাশি :সিংহ ৰাশিত সূৰ্যৰ প্ৰৱেশে সমাজত আপোনাৰ সন্মান বৃদ্ধি কৰিব । আপুনি সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ মাজত স্থান লাভ কৰিব । তাৰোপৰি, কৰ্মস্থলত আপুনি আপোনাৰ সহকৰ্মীসকলৰ সহযোগিতা পাব । আপোনাৰ পিতৃয়ে আপোনাৰ বাবে গৰ্ববোধ কৰিব । একে সময়তে, এই মাহটোত আপুনি আপোনাৰ পিতৃৰ স্বাস্থ্যৰ ভালদৰে যত্ন লওক ।

প্ৰতিকাৰ : দেওবাৰে কোনো মন্দিৰত গুৰ দান কৰক ।

মকৰ ৰাশি:সূৰ্যৰ সিংহ ৰাশিত প্ৰৱেশৰ লগে লগে আপুনি আপোনাৰ স্বাস্থ্যৰ ভালদৰে যত্ন ল’ব লাগিব । আপোনাৰ ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । আপোনাৰ সন্মান হ্ৰাস পাব পাৰে । আপুনি এতিয়ালৈকে লুকুৱাই থোৱা কিছু গোপন পৰিকল্পনা প্ৰকাশ পাব পাৰে । ঈশ্বৰৰ উপাসনা কৰি আপোনাৰ ভাল লাগিব । আপুনি কোনো মন্দিৰ নাইবা কোনো ধৰ্মীয় স্থানলৈ কিবা দান কৰিব পাৰে । আপুনি ঈশ্বৰৰ উপাসনাত মনোনিৱেশ কৰিব, যি আপোনাক মানসিক শান্তি প্ৰদান কৰিব ।

প্ৰতিকাৰ : প্ৰতিদিন সূৰ্য দেৱলৈ জলৰ অৰ্ঘ্য অৰ্পণ কৰক ।

কুম্ভ ৰাশি :সিংহ ৰাশিত সূৰ্যৰ প্ৰৱেশৰ ফলস্বৰূপে আজি আপোনাৰ ব্যৱসায় বৃদ্ধি হ’ব । আপোনাৰ লাভ বৃদ্ধি পাব । সমাজৰ লোকসকলে আপোনাক সমৰ্থন কৰিব । আপোনাৰ যশস্যাও বৃদ্ধি হ’ব । একে সময়তে, আপোনাৰ বৈবাহিক জীৱনত আৰু অধিক উদ্বেগ থাকিব পাৰে । গতিকে, এই সময়ছোৱাত যিমান সম্ভৱ শান্ত হৈ থাকিবলৈ চেষ্টা কৰক । শান্ত হৈ থাকিলে পৰিস্থিতি আৰু অধিক বেয়ালৈ যোৱাৰ পৰা ৰক্ষা পৰিব ।

প্ৰতিকাৰ : মা সৰস্বতীৰ উপাসনা কৰক তথা তেওঁৰ মূৰ্তি নাইবা চিত্ৰত হালধীয়া ফুল অৰ্পণ কৰক ।

মীন ৰাশি : আমি জানো যে, আজি সিংহ ৰাশিত সূৰ্যৰ প্ৰৱেশ হ’ব । এই মাহটোত আপুনি কোনো কোৰ্ট কে’ছত জিকিব নাইবা কোনো ন্যায়িক বিষয়ত সাফল্য লাভ কৰিব । আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ বাবে কঠিন হ’ব । আপোনাৰ স্বাস্থ্যৰ কিছু অৱনতি হ’ব পাৰে । আপুনি বেংকৰ পৰা ঋণ পাবলৈ সক্ষম হ’ব । আপুনি কোনো প্ৰতিযোগিতাত জয়লাভ কৰিব পাৰে ।

প্ৰতিকাৰ :শ্ৰী গায়ত্ৰী চল্লিশা পাঠ কৰক ।

ABOUT THE AUTHOR

...view details