ইণ্টাৰনেশ্যনেল ডেস্ক, 14 নৱেম্বৰ:বৰ্তমান ব্ৰিটেইন ভ্ৰমণত আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ৷বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ভাৰত-ব্ৰিটেইনৰ সম্পৰ্কৰ কেন্দ্ৰবিন্দু হৈছে মুক্ত বাণিজ্য চুক্তি (FTA) আৰু নতুন দিল্লীয়ে দুয়োপক্ষৰ বাবে কাম কৰা আলোচনাত “লেণ্ডিং পইণ্ট” বিচাৰি পোৱাৰ বাবে আশাবাদী । সোমবাৰে লণ্ডনৰ সংসদ সদনৰ সমীপৰ ৱেষ্টমিনিষ্টাৰ হলত ভাৰতীয় উচ্চায়ুক্তৰ উদ্যোগত আয়োজিত বিশেষ দীপাৱলী অভ্যৰ্থনা অনুষ্ঠানত ভাষণ দি তেওঁ দ্বিপাক্ষিক সম্পৰ্কক বিশ্বৰ বাবে এক ‘ইতিবাচক শক্তি’ বুলি অভিহিত কৰে ।
জয়শংকৰে ভাৰতত চলি থকা প্ৰযুক্তিগত উন্নতি আৰু আৰ্থ-সামাজিক বিকাশৰ দ্ৰুত গতি সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি ব্ৰিটেইনস্থিত ভাৰতীয় প্ৰব্ৰজনকাৰীসকলক নতুন ভাৰতৰ কাহিনী বিয়পাবলৈ আহ্বান জনায় । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয়, "আজি এজেণ্ডা 2030 বাস্তৱায়িত কৰিবলৈ আমি যিটোক আনুষ্ঠানিকভাৱে এনহান্সড ট্ৰেড পাৰ্টনাৰশ্বিপ বুলি উল্লেখ কৰিছো সাধাৰণ ভাষাত ইয়াক এফ টি এ বা মুক্ত বাণিজ্য চুক্তি বুলি কোৱা হয় । ভাৰতীয় আৰু ব্ৰিটিছ ব্যৱস্থাই এই সন্দৰ্ভত কি আলোচনা কৰি আছে সেয়াই হ’ল ইয়াৰ মুখ্য কেন্দ্ৰবিন্দু ।"
তেওঁ লগতে কয় যে ভাৰত আৰু ব্ৰিটেইনৰ ইতিহাস দীঘলীয়া হোৱাৰ লগতে অতি জটিল ৷ এই ইতিহাসক ইতিবাচক শক্তি হিচাপে গঢ়ি তোলাৰ বাবেই এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি কয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৷ জয়শংকৰে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লক্ষ্যৰে পাঁচদিনীয়া ভ্ৰমণসূচীৰে ব্ৰিটেইনত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ।