অসম

assam

ETV Bharat / bharat

Honour killing : অন্য জাতিৰ যুৱকৰ লগত সম্পৰ্ক; কন্যাক হত্যা পিতৃসহ দুজনৰ - পিতৃসহ দুই অভিযুক্তক গ্ৰেপ্তাৰ

প্ৰেমেই কাল মাতিলে এগৰাকী যুৱতীৰ জীৱনলৈ ৷ অন্য জাতিৰ যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক ৰখাৰ বাবেই পিতৃ হাতত প্ৰাণ হেৰুৱালে কন্যাই ৷

father and two others arrested for killing daughter
অন্য জাতিৰ যুৱকৰ লগত সম্পৰ্কৰ বাবে কন্যাক হত্যা পিতৃ সহ দুজনৰ

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 4:09 PM IST

নেশ্যনেল ডেস্ক, 27 আগষ্ট :কৰ্ণাটকৰ কোলাৰ জিলাৰ টোটলী গাঁৱত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ প্ৰেমেই কাল মাতিলে এগৰাকী যুৱতীৰ জীৱনলৈ ৷ অন্য জাতিৰ যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক ৰখাৰ বাবেই পিতৃ হাতত প্ৰাণ হেৰুৱালে কন্যাই ৷ এই ঘটনা সংঘটিত কৰা পিতৃসহ দুই অভিযুক্তক গ্ৰেপ্তাৰ স্থানীয় আৰক্ষীৰ ৷

ঘটনাৰ বিৱৰণী অনুসৰি মৃত যুৱতীগৰাকী যোৱা দুদিন ধৰি ওচৰ চুবুৰীয়া লোকে দেখা পোৱা নাছিল ৷ ফলত চুবুৰীয়াই সোধা-পোছা কৰোঁতে পিতৃয়ে কোনো উত্তৰ দিয়া নাছিল ৷ চুবুৰীয়াৰ সন্দেহ হোৱাত তেওঁলোকে স্থানীয় আৰক্ষীক অৱগত কৰে ৷ গ্ৰাম্য আৰক্ষী থানাৰ এটা দল যুৱতীগৰাকীৰ ঘৰত উপস্থিত হৈ আৰু যুৱতীগৰাকী পিতৃক সোধা-পোছাৰ বাবে আৰক্ষীৰ জিম্মাত লৈছিল ৷

আৰক্ষীৰ জেৰাত পিতৃয়ে স্বীকাৰ কৰে এই জঘন্য ঘটনাৰ কথা ৷ 19 বছৰীয়া যুৱতীগৰাকীয়ে অন্য জাতিৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল ৷ এই কথা ঘৰৰ লোকে গম পাইছিল ৷ লগে লগে তেওঁলোকে কন্যাক বুজাই সেই যুৱকজনৰ সৈতে কথা নাপাতিবলৈ কৈছিল ৷ কিন্তু ঘৰৰ লোকৰ কথা নুশুনি যুৱতীগৰাকীয়ে সেই যুৱকজনৰ সৈতে কথা বতৰা পাতি আছিল ৷ এই কথা পিতৃয়ে গম পোৱাত খঙত অগ্নিশৰ্মা হৈ পৰে ৷

সমাজত বদনাম হোৱাৰ ভয়ত যোৱা 25 আগষ্টত যুৱতীগৰাকীক পিতৃৰ সৈতে দুজন লোকে হত্যা কৰি কোনো গম নোপোৱাকৈ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰে ৷

আৰক্ষীয়ে লগে লগে যুৱতীগৰাকীৰ মৃত্যুৰ দুদিন পিচত কবৰৰ পৰা মৃতদেহটো উলিয়াই আনি দেওবাৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

এই ঘটনাৰ সন্দৰ্ভত গ্ৰাম্য আৰক্ষী থানাৰ এজন বিষয়াই কয়, "আমি এই গোচৰটোৰ সন্দৰ্ভত ভেংকটেশ গৌড়া আৰু তেওঁৰ সহযোগী মোহন আৰু চৌদে গৌড়াক গ্ৰেপ্তাৰ কৰিছো ৷ এই সন্দৰ্ভত কোলাৰ গ্ৰাম্য আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চোৱাৰ পিচতহে মৃত্যু সন্দৰ্ভত সমগ্ৰ তথ্য পোহৰলৈ আহিব ৷"

লগতে পঢ়ক:Atiq Ashraf murder case: আতিক-আশ্ৰফ হত্যাৰ তদন্তত ১.৩৪ কোটি ব্যয় যোগী চৰকাৰৰ

ABOUT THE AUTHOR

...view details