নেশ্যনেল ডেস্ক, ২৩ ফেব্ৰুৱাৰী: যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে অষ্টম মিজোৰাম বিধানসভাৰ সপ্তম অধিৱেশন । অহা ১৭ মাৰ্চলৈকে চলিবলগীয়া এই অধিৱেশন মঙলবাৰে সম্বোধন কৰে ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাই । বিত্ত বিভাগৰ দায়িত্বত থকা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জ'ৰামথাংগাই এই অধিৱেশনতে ২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰিব । ১৬ দিনৰ বাবে বিধানসভা অধিৱেশন অনুষ্ঠিত হৈছে । ২০২১ বৰ্ষৰ প্ৰথমখন অধিৱেশন সম্বোধন কৰি আনন্দ প্ৰকাশ কৰে ৰাজ্যপালগৰাকীয়ে ।
তেওঁ মিজোৰামৰ জনসাধাৰণক শুভকামনা জনায় আৰু বিকাশ আৰু সমৃদ্ধিৰ এক নতুন যুগলৈ সকলোকে স্বাগতম জনায় । লগতে তেওঁ ৰাইজক আস্বাস দিয়ে যে, চৰকাৰে ৰাজ্যখনত শান্তিপূৰ্ণ পৰিৱেশ অক্ষুণ্ণ ৰাখিব আৰু জনসাধাৰণৰ প্ৰয়োজন পূৰণ কৰাত গুৰুত্ব আৰোপ কৰিব । বিগত বৰ্ষত COVID-১৯ মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিৱেশৰ কথাও তেওঁ উল্লেখ কৰে ।