নেশ্যনেল ডেস্ক, 16 এপ্ৰিল :শীঘ্ৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সাংবাদিকৰ সুৰক্ষাৰ হেতুকে SOP (Standard Operating Procedure) প্ৰস্তুত কৰিব (Safety and security of journalists)৷ শনিবাৰে নিশা প্ৰয়াগৰাজত সাংবাদিকৰ ৰূপ লৈ তিনিজন যুৱকে আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক হত্যা কৰা ঘটনাৰ পিচতে এই পদক্ষেপ গ্ৰহণ কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে । দেওবাৰে এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ।
সংবাদ সংস্থা পিটিআইত প্ৰকাশ কৰা অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সাংবাদিকৰ সুৰক্ষাৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP) প্ৰস্তুত কৰিব (Home Ministry to prepare SOP for journalists after Atiq Ahmed’s murder) ৷
উল্লেখ্য যে, গেংষ্টাৰ আতিক আহমেদে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি থকাৰ সময়তে পিচ মূৰত পিষ্টল টোঁৱাই এজন যুৱকে ৷ তাৰ পাচতে সকলোৰে চকুৰ সন্মুখতে যুৱকজনে তেওঁক গুলীয়াই হত্যা কৰে । আনকি প্ৰয়াগৰাজ আৰক্ষীৰ তত্বাৱধানত স্বাস্থ্য পৰীক্ষাৰ বাবে আতিক আহমেদৰ সৈতে অহা তেওঁৰ ভাতৃ আশ্ৰফকো যুৱকজনে গুলীয়াই হত্যা কৰে (Atiq Ahmed Murder Case) ৷
লগতে পঢ়ক :Atiq Murder case: মাফিয়া আতিকৰ বিৰুদ্ধে আছিল শতাধিক গোচৰ আবেদন