নেশ্যনেল ডেস্ক, 16 ছেপ্টেম্বৰ: বিহাৰত শীঘ্ৰেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৰাজ্যখনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন কৰা হ’ব । এই দাবী দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ অমিত শ্বাহৰ এই ঘোষণাৰ পাছতেই এতিয়া গৰম হৈ পৰিছে বিহাৰৰ ৰাজনীতি ৷
গৃহমন্ত্ৰী অমিত শ্বাহে বিহাৰৰ আৰাৰিয়াত SSBৰ আৱাসিক ভৱন উদ্বোধন কৰি এই কথা ঘোষণা কৰে ৷ তেওঁ কয় যে বিহাৰত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিহাৰত বিজেপি চৰকাৰ গঠন হ’বলৈ গৈ আছে । বিহাৰৰ মধ্যৱৰ্তী নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি চলি থকা চৰ্চাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ঘোষণাই স্বাভাৱিক এতিয়া সকলো ৰাজনৈতিক দলত চিন্তিত কৰি তুলিছে ৷
শনিবাৰে SSB জোৱানৰ বাবে নিৰ্মিত আৱাসিক ভৱন উদ্বোধন কৰিবলৈ বিহাৰৰ যোগবানীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ উদ্বোধনী ভাষণত তেওঁ দাবী কৰে যে তেওঁ বিহাৰ সীমান্তৰ সকলো সমস্যাৰ বিষয়ে অৱগত । বিহাৰত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু বিজেপিয়ে অনুপ্ৰৱেশ, ভূমি দখল, অবৈধ ব্যৱসায় সমাপ্ত কৰিম ।
‘‘মই বিহাৰ সীমান্তৰ সকলো সমস্যাৰ বিষয়ে অৱগত (অনুপ্ৰৱেশ, ভূমি দখল, অবৈধ ব্যৱসায়) । মই আপোনালোকক আশ্বাস দিছোঁ যে বিহাৰত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু মোদীজীৰ নেতৃত্বত ইয়াত এখন বিজেপি চৰকাৰ গঠন কৰা হ’ব,’’ অমিত শ্বাহৰ মন্তব্য ৷