নেচনেল ডেস্ক, ৭ আগষ্ট :কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ওড়িশাত উপস্থিত হ'ব (Union Home Minister Amit Shah in Odisha)। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণসূচীৰ বিষয়ে দলীয় সূত্ৰই সদৰি কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে দেওবাৰে নিশা ১০ বজাত ভূৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব আৰু ইয়াতেই নিশাটো কটাব (Biju Patnaik International Airport in Bhubaneswar)।
সোমবাৰে পুৱা তেওঁ লিংগৰাজ মন্দিৰত(Lingaraj Temple) প্ৰাৰ্থনা কৰিব বুলি ওড়িশা বিজেপিৰ সভাপতি সমীৰ মহান্তীয়ে কয় । উল্লেখ্য় যে পবিত্ৰ শাওন মাহৰ অন্তিম সোমবাৰে ওড়িশাৰ সকলো ভক্তই এই মন্দিৰটোত প্ৰাৰ্থনা জনাবলৈ ভিৰ কৰে । এই ভ্ৰমণসূচী অনুসৰি লিংগৰাজ মন্দিৰ দৰ্শন কৰাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মস্থান কটকত পৰিদৰ্শন কৰিব(Netaji Subhas Chandra Bose's birthplace in Cuttack)।