অসম

assam

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 7:15 PM IST

ETV Bharat / bharat

৩ খন ৰাজ্যৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা অমিত শ্বাহৰ

মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশপুৰত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে বিজেপি । তিনিওখন ৰাজ্যতে বিজেপিৰ সফলতাৰ বাবে অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক কৃতিত্ব প্ৰদান কৰে । তেলেংগানাত পূৰ্বতকৈ বিজেপিৰ ফলাফল ভাল হোৱাৰ বাবেও আনন্দিত অমিত শ্বাহ ।

Amit Shah praises PM Modi
৩ খন ৰাজ্যৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা অমিত শ্বাহৰ

নেশ্যনেল ডেস্ক,৩ ডিচেম্বৰ :কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড় বিধানসভা নিৰ্বাচনত দলৰ গুৰুত্বপূৰ্ণ বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে । অমিত শ্বাহৰ মতে জনসাধাৰণে প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ ওপৰত বিশ্বাস দেখুৱাইছে ।

উল্লেখ্য যে বিজেপিয়ে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছক হতাশাৰ মুখলৈ ঠেলি দিছে আৰু এই তিনিখন ৰাজ্যত চৰকাৰ গঠনৰ বাবে সাজু হৈছে । ইফালে গেৰুৱা দলটোৱে তেলেংগানাতো তেওঁলোকৰ পূৰ্বৰ সংখ্যা উন্নত কৰিছে আৰু তৃতীয় স্থানত আছে ।

এক্সৰ কেইবাটাও পোষ্টত অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মধ্যপ্ৰদেশত দলে বৃহৎ জয় সাব্যস্ত কৰিছে । ডাবল ইঞ্জিন চৰকাৰৰ কল্যাণমূলক নীতি আৰু সুশাসনৰ ওপৰত জনসাধাৰণে বিশ্বাস দেখুৱাইছে । সংখ্যাগৰিষ্ঠতাৰে আশীৰ্বাদ দি বিজেপিৰ সেৱা অব্যাহত ৰখাৰ সুযোগ দিয়াৰ বাবে তেওঁ জনসাধাৰণকো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে । ইফালে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, ৰাজ্যিক সভাপতি বি ডি শৰ্মা আৰু সকলো কৰ্মীকে এই বিজয়ৰ বাবে অমিত শ্বাহে অভিনন্দন জ্ঞাপন কৰে ।

ইফালে আন এটা পোষ্টত তেওঁ ৰাজস্থানৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে । তেওঁৰ মতে এই বিজয় হৈছে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ ওপৰত জনসাধাৰণৰ অটল বিশ্বাসৰ বিজয় ।

ছত্তীশগড়ৰ জনজাতীয়, দৰিদ্ৰ আৰু কৃষক ভগ্নী আৰু ভাতৃসকলে প্ৰধানমন্ত্ৰীৰ ওপৰত বিশ্বাস দেখুৱাইছে আৰু বিজেপিক আশীৰ্বাদ দিছে বুলিও তেওঁ উল্লেখ কৰে । এই বৃহৎ জয়ৰ বাবে তেওঁ ছত্তীশগড়ৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে । লগতে দলৰ শীৰ্ষ নেতা আৰু দলীয় কৰ্মীসকলকো অমিত শ্বাহে অভিনন্দন জ্ঞাপন কৰে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ মতে জনসাধাৰণৰ সমৰ্থনত তেওঁৰ দলে তেলেংগানাক এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তুলিব । সমৰ্থনক উৎসাহিত কৰাৰ বাবে তেলেংগানাবাসীক তেওঁ ধন্যবাদ জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বিজেপিয়ে তেলেংগানাৰ উন্নয়নৰ দিশত কাম কৰি যাব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে । দলৰ নেতা আৰু কৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে তেওঁ ধন্যবাদো জ্ঞাপন কৰে ।

লগতে পঢ়ক :তেলেংগানাত আজি চৰ্চিত কিয় ৰেৱন্ত ৰেড্ডী ?

ABOUT THE AUTHOR

...view details