অসম

assam

ETV Bharat / bharat

Cyclone Biparjoy: বিপৰ্যয় প্ৰভাৱিত অঞ্চল আকাশমাৰ্গেৰে পৰিদৰ্শন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ - কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

গুজৰাটৰ বিপৰ্যয়ৰ দ্বাৰা প্ৰভাৱিত হোৱা অঞ্চল আকাশমাৰ্গেৰে পৰিদৰ্শন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ স্থানান্তৰ কৰাৰ পাচত চিকিৎসাধীন হৈ থকা গৰ্ভৱৰ্তী মহিলাসকলৰ লগতে ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় অমিত শ্বাহ ৷

Cyclone Biparjoy
Cyclone Biparjoy

By

Published : Jun 17, 2023, 10:39 PM IST

নেশ্যনেল ডেস্ক, 17 জুন: আৰৱ সাগৰৰ পৰা উৎপত্তি হোৱা ঘূৰ্ণীবতাহ বিপৰ্যয়ক লৈ গুজৰাটত জাৰি কৰা হৈছে তীব্ৰ সতৰ্কতা ৷ সাম্ভাব্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তৎপৰ হৈ আছে প্ৰশাসন ৷ গুজৰাট উপকূলীয় অঞ্চলৰ পৰিস্থিতি বুজ ল’বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছেহি গৃহমন্ত্ৰী অমিত শ্বাহ ৷ শনিবাৰে গৃহমন্ত্ৰীগৰাকীয়ে ঘূৰ্ণীবতাহৰ প্ৰভাৱিত কচ্ছৰ মাণ্ডৱী আৰু আব্দাছাৰ অঞ্চল পৰিদৰ্শন কৰে ৷

NDRFৰ জোৱানৰ সৈতে বাৰ্তালাপ অমিত শ্বাহৰ

পৰিদৰ্শনৰ সময়ছোৱাত NDRFৰ জোৱানসকলক সাক্ষাৎ কৰি নিজৰ জীৱনকো বিপদাপন্ন কৰি যিকোনো পৰিস্থিতিত দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ বাবে সষ্টম হৈ থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ উল্লেখ্য যে শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী পেটেলে হেলিকপ্টাৰেৰে ‘বিপৰ্যয়’ৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷

ইয়াৰ উপৰিও গৃহমন্ত্ৰীগৰাকীয়ে চিকিৎসালয়ত ভৰ্তি হৈ থকা গৰ্ভৱতী মহিলা আৰু বয়োজ্যেষ্ঠ লোকসকলক সাক্ষাৎ কৰি অৱস্থাৰ বুজ লয় ৷ লগতে ঘূৰ্ণীবতাহৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা কৃষকসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয় গৃমন্ত্ৰীগৰাকী ৷

প্ৰশাসনে জনোৱা মতে এতিয়ালৈ গুজৰাটত ঘূৰ্ণীবতাহৰ ফলত কমেও ২৩ জন লোক আহত হৈছে । ৰাজ্যখনৰ কেইবাটাও ঘৰৰ ক্ষতি হৈছে । আনহাতে ৰাজ্যখনৰ উপকূলীয় অঞ্চলৰ বহু ঠাইত বিদ্যুতৰ খুঁটা আৰু গছ উভালি পৰিছে । বিদ্যুতৰ যোগান পুনৰুদ্ধাৰৰ বাবে ইতিমধ্যে বিভিন্ন দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে । বিভিন্ন শিবিৰলৈ হাজাৰ হাজাৰ লোকক স্থানান্তৰ কৰা হৈছে । ইফালে গুজৰাট চৰকাৰে জনোৱা মতে স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ ৩ দিনৰ সময়ৰ প্ৰয়োজন হ'ব ।

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে জিলা প্ৰশাসনক সাহায্যৰ কাম ত্বৰান্বিত কৰিবলৈও নিৰ্দেশ দিছে । ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত সাহায্যৰ ব্যৱস্থা গ্ৰহণৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে ।

লগতে পঢ়ক:Modi surname case: মোদী উপাধি গোচৰত 4 জুলাইত ৰাঁচী আদালতত উপস্থিত থাকিব লাগিব ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details