নিউজ ডেস্ক, ২২ জুন : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ অহা ২৪ জুনত নতুন দিল্লীত এক সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে । বুধবাৰে এক চৰকাৰী বিবৃতিত কোৱা হৈছে, "কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ অহা ২৪ জুনত নতুন দিল্লীত বিয়লি ৩ বজাত এক সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে ।"
উল্লেখ্য, মণিপুৰত বৰ্তমানেও অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হৈ আছে । যাৰ বাবে ৰাজ্য চৰকাৰে শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অধিক বিভ্ৰান্তি প্ৰতিহত কৰাৰ প্ৰচেষ্টাৰ তাৎক্ষণিক অংশ হিচাপে ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা আৰু পাঁচ দিন বৃদ্ধি কৰি ২৫ জুনলৈকে কৰিছে । ৰাজ্যখনত অব্যাহত থকা অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি তথ্য সেৱাসমূহ নিষিদ্ধ কৰা বুলি প্ৰকাশ ।
এই সন্দৰ্ভত মণিপুৰ ৰাজ্য চৰকাৰে মঙলবাৰে জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছে, "ৰাজ্যখনত ইণ্টাৰনেট সেৱা স্থগিত ৰখাটো আৰু পাঁচ দিনৰ বাবে অৰ্থাৎ ২৫ জুনৰ বিয়লি ৩ বজালৈকে বৃদ্ধি কৰা হৈছে ।" আনহাতে, ৰাজ্যিক আয়ুক্ত (গৃহ) টি ৰঞ্জিত সিঙে জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছে যে মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানে ১৯ জুনৰ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে যে বৰ্তমানেও ঘৰ আৰু চৌহদত অগ্নিসংযোগৰ দৰে ঘটনাৰ খবৰ পোৱা গৈছে ।