নেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ: ধাৰাসাৰ বৰষুণৰ বাবে তামিলনাডুৰ বিভিন্ন অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে(Very heavy rainfall in Tamil Nadu) । ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰিব(CM Stalin to meet Governor today ) । নেৰানেপেৰা বৰষুণে আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে নাগাপট্টিনম আৰু কুড্ডালোৰ জিলাক । বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে সকলো উপকূলীয় জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে কাষৰীয়া জিলাসমূহকো সতৰ্ক হৈ থাকিবলৈ কৈছিল ।
ৰেড এলাৰ্ট আজি পৰ্যন্ত বাহাল থাকিব বুলি নিৰ্দেশ দিয়া হৈছিল । তামিলনাডু চৰকাৰে ২৭ নৱেম্বৰৰ পৰা বিদ্যালয় আৰু মহাবিদ্যালয়ৰ বন্ধ ঘোষণা কৰে(Holiday declared in Tamil nadu's schools ) । ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি, চেন্নাই, কাঞ্চিপুৰম, চেংগালপট্টু, তুতিকোৰিণ, তিৰুভাল্লুৰ, তিৰুনেলভেলি, পুডুকট্টাই, চালেম, তিৰুভান্নামালাই, কুড্ডালোৰ, ভিলুপ্পুৰম, আৰিয়ালুৰ, ৰামনাথপুৰম, ত্ৰিচি, ৰণনিপেট্টাই, কালকাকুৰিচি, থাঞ্জোৰ, নাগাপট্টিনম, থিৰুভাৰুৰ, পেৰমবালুৰ আৰু মায়িলাদুথুৰাইত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ থাকিব । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উক্ত জিলাসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে ।