নেশ্যনেল ডেস্ক,২৭ মাৰ্চ: ৰাজধানী দিল্লীত COVID-১৯ ৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ মাজতে শনিবাৰে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী চৈতেন্দ্ৰ জৈনে দিল্লীৰ বাসিন্দাসকলক বৃহৎ সমাৱেশৰ আয়োজন নকৰিবলৈ পৰামৰ্শ দিয়ে । তেওঁ কয় যে, জন সমাগমে মহামাৰীৰ সংক্ৰমণৰ আশংকা বৃ্দ্ধি কৰিব । দিল্লীৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া পৰামৰ্শ অনুসৰি, জিলা দণ্ডাধীশসকলৰ অধীনৰ ভিজিলেঞ্চৰ দলে ৰাজহুৱা স্থানত সমাৱেশ আৰু অনুষ্ঠান আয়োজন আদি নিৰীক্ষণ কৰিব ৷
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সকলোকে ঘৰতে থাকি উৎসৱ উদযাপন কৰিবলৈ অনুৰোধ জনায় । তেওঁ কয় যে, ফাকুৱা প্ৰতি বছৰে আহিব । কৰ'ণাসৃষ্ট পৰিস্থিতি ভাল অৱস্থালৈ আহিলে সকলোৱে ৰাজহুৱাভাৱে উৎসৱৰ আয়োজন কৰিব পাৰিব বুলিও তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয় যে, এতিয়া উৎসৱ উদযাপন কৰাৰ ফলস্বৰূপে COVID-১৯ ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক হ'ব পাৰে ।