নেশ্যনেল ডেস্ক, 7 আগষ্ট:বেংগালুৰুত দেওবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় ৷ চহৰখনৰ ইছৰো চক্ৰৰ সমীপতে দেওবাৰে নিশা পিতা-পুত্ৰই মৃত্যুক আকোৱালি লোৱাৰ লগতে তেওঁলোকৰ জোৱায়েকজন গুৰুতৰভাৱে আহত হয় ৷ ৰঘু (৬৫) আৰু তেওঁৰ পুত্ৰ চিৰঞ্জীৱী (২৫) ঘটনাস্থলীতেই মৃত্যু হয় আৰু জোৱায়েঁক ৱাসুৰ অৱস্থা গুৰুতৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
আৰক্ষীয়ে জনোৱা অনুসৰি, কুভেম্পুনগৰৰ বাসিন্দা ৰঘু, চিৰঞ্জীৱী আৰু ৱাচু কিতাপৰ ব্যৱসায়ী আছিল ৷ যোৱা নিশা কামৰ পৰা উভতি অহাৰ সময়ত এম এছ ৰামাইয়া চিকিৎসালয়ৰ ফালৰ পৰা অহা এখন মাৰুতি ইকো বাহনৰ চালকে প্ৰথমে এখন ৰৈ থকা গাড়ী আৰু আন এখন অট’ত খুন্দা মাৰে ৷ তাৰ পিচতে বাহনখনে পথৰ কাষত থিয় হৈ থকা ৱাসুক খুন্দিয়াই, পিচমুহূৰ্ততে বাহনখনে চিৰঞ্জীৱী আৰু ৰঘু বহি থকা স্কুটাৰখনত খুন্দা মাৰে ৷ এই ঘটনাত থিতাতে নিহত হয় পিতা-পুত্ৰ ৷
ইটোৰ পিচত সিটোকৈ ধাৰাবাহিক দুৰ্ঘটনা সংঘটিত কৰা গাড়ী চালকজনে পলাই যাবলৈ চেষ্টা কৰোঁতেই, সেই স্থানত থকা স্থানীয় লোক আৰু অট’ চালক এজনে দুৰ্ঘটনা সংঘটিত হোৱা গাড়ীখন ধৰিবলৈ সক্ষম হয় ৷ তাৰ পিচতে স্থানীয় লোকৰ তৎপৰতাত বাহনখনৰ চালক আকাশক জিম্মাত লৈ সদাশিৱনগৰ আৰক্ষীৰ হাতত গতাই দিয়ে ৷