অসম

assam

ETV Bharat / bharat

Presidential Election : ৰাষ্ট্রপতি নির্বাচনৰ জনা-নজনা কিছু কথা

দেশৰ ষোড়শতম ৰাষ্ট্রপতি নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হয় ১৮ জুলাইত (Presidential election held on 18th july) । আনহাতে, বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গণনা । এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত মূল প্রতিদ্বন্দ্বিতা হৈছে বিজেপি নেতৃত্বাধীন এনডিএ জোঁটৰ প্রার্থী দ্রৌপদী মুর্মু আৰু কংগ্রেছ, তৃণমূলসহ বিৰোধী শিবিৰৰ যশaৱন্ত সিনহাৰ মাজত (Presidential candidate Draupadi Murmu and Yashwant Sinha) ।

By

Published : Jul 21, 2022, 3:31 PM IST

Rastrapati Bhavan
Rastrapati Bhavan

নিউজ ডেস্ক, ২১ জুলাই : দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ইতিহাস (History of presidential election in India) খুঁচৰিলে দেখা যায় যে, পূর্বৱর্তী ১৫ বাৰৰ ভিতৰত ১৪ বাৰেই দেশৰ প্ৰথম নাগৰিক হোৱাৰ প্রতিদ্বন্দ্বিতা হৈছে (First citizen of India) । আনহাতে, এই সময়ছোৱাত দেশৰ ৰাষ্ট্রপতি হৈছে মুঠ ১৪ জন । একমাত্র প্রথম ৰাষ্ট্রপতি ৰাজেন্দ্রপ্রসাদেই দুবাৰকৈ নিৰ্বাচিত হৈ ৰাইচিনা ভৱন দখল কৰিছে ।

ৰাষ্ট্রপতি নির্বাচনত সৰ্বাধিক ভোট লাভ কৰি জয়ৰ ৰেকর্ডো আছে ৰাজেন্দ্রপ্রসাদৰ নামত (First president of India Rajendra Prasad) । আনহাতে, দেশৰ ৰাষ্ট্রপতি নির্বাচনত সকলোতকৈ কম ভোট লাভ কৰি জয়ৰ ৰেকৰ্ড গঢ়িছে ১৯৬৯ চনত ভিভি গিৰিয়ে ।

১৯৫৭ চনত মুঠ ভোটৰ ৯৮.৯৯ শতাংশ লাভ কৰিছিল ৰাজেন্দ্রপ্রসাদে । সেই ৰেকর্ড বৰ্তমানেও অক্ষুণ্ণ আছে । তাৰ পূৰ্বে ১৯৫২ চনত দেশৰ প্রথম ৰাষ্ট্রপতি নির্বাচনত তেওঁ ৮৩.৮১ শতাংশ ভোট লাভ কৰি বিজয়ী হৈছিল । ১৯৫৭ চনৰ ৬ মে'ত দেশৰ দ্বিতীয় ৰাষ্ট্রপতি নির্বাচনত ৪ লাখ ৬৪ হাজাৰ ভোটৰ ভিতৰত ৰাজেন্দ্রপ্রসাদে লাভ কৰিছিল ৪ লাখ ৫৯ হাজাৰৰো অধিক ভোট । উক্ত নির্বাচনত অন্য দুই প্রতিদ্বন্দ্বী ক্ৰমে চৌধুৰী হৰি ৰাম আৰু নাৰায়ণ দাসে ৩ হাজাৰৰ সীমাও অতিক্ৰম কৰিব পৰা নাছিল ।

২০১৭ চনত পঞ্চদশ ৰাষ্ট্রপতি নির্বাচনত ১০ লাখ ৬৯ হাজাৰ ৩৫৮ বৈধ ভোটৰ ভিতৰত ৰামনাথ কোবিন্দে (President of India Ramnath Kovind) লাভ কৰিছিল ৭ লাখ ২ হাজাৰ ৪৪টা ভোট । শতাংশৰ হিচাবত সেয়া ৬৫.৬৫ । বিগত চাৰি দশকত ৰাষ্ট্রপতি নির্বাচনৰ ইতিহাসত বিজয়ী প্রার্থীৰ সকলোতকৈ কম ভোট পোৱাৰ ৰেকৰ্ড এইটোৱেই । ২০১৭ৰ ৰাষ্ট্ৰপতি নির্বাচনত ৰামনাথ কোবিন্দৰ প্রতিদ্বন্দ্বী তথা লোকসভাৰ প্রাক্তন অধ্যক্ষ মীৰা কুমাৰে লাভ কৰিছিল ৩ লাখ ৬৭ হাজাৰ ৩১৪টা ভোট । কংগ্রেছসহ কেইবাটাও বিৰোধী দলৰ সমর্থিত প্রার্থী মীৰা কুমাৰে লাভ কৰিছিল প্রায় ৩৪.৩৫ শতাংশ ভোট ।

ৰাষ্ট্রপতি নির্বাচনত বিনা প্রতিদ্বন্দ্বিতাৰে বিজয়ৰ একমাত্র ৰেকৰ্ড নীলম সঞ্জীৱ ৰেড্ডীৰ (President Neelam Sanjiv Reddi) । ১৯৭৭ চনত তদানীন্তন শাসকীয় দল জনতা পার্টি সমর্থিত প্রার্থী হিচাবে মনোনয়ন দাখিল কৰিছিল তেওঁ । সেইবাৰ ৰেড্ডীৰ ৩৬ জন প্রতিদ্বন্দ্বীৰে মনোনয়ন বাতিল হৈছিল । উল্লেখ্য, ১৯৬৯ চনৰ ৰাষ্ট্রপতি নির্বাচনত কংগ্রেছ ৱর্কিং কমিটি আৰু সংসদীয় বোর্ডৰ মনোনীত প্রার্থী নীলম সঞ্জীৱ ৰেড্ডী পৰাস্ত হৈছিল ! আনহাতে, ৰাষ্ট্রপতি নির্বাচনৰ ইতিহাসত সকলোতকৈ কম ভোট লাভ কৰি জয়ৰ ৰেকৰ্ড গঢ়িছিল ভিভি গিৰিয়ে (President VV Giri)।

তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে (Prime Minister Indira Gandhi) উক্ত নির্বাচনত নির্দলীয় প্রার্থী ভিভি গিৰিৰ সমর্থনত কংগ্রেছ সাংসদ-বিধায়কসকলক ‘বিবেক ভোট’ প্ৰদানৰ আহ্বান জনাইছিল । সেইবাৰ ইন্দিৰাপন্থীসকলৰ অন্তর্ঘাতত গিৰিৰ হাতত ৰেড্ডী পৰাস্ত হোৱা বুলি অভিযোগ উঠে । ১৯৬৯ চনত ৰাষ্ট্রপতি নির্বাচনত মুঠ বৈধ ভোট আছিল ৮ লাখ ২৫ হাজাৰ ৫০৪টা । ইন্দিৰা গান্ধী সমর্থিত নির্দলীয় প্রার্থী ভি ভি গিৰিয়ে লাভ কৰিছিল ৪ লাখ ২০ হাজাৰ ৭৭টা ভোট । অর্থাৎ মুঠ ভোটৰ প্রায় ৫০.৯ শতাংশ লাভ কৰিছিল তেওঁ ।

সেইবাৰ ভি ভি গিৰিৰ প্রতিদ্বন্দ্বী কংগ্রেছ প্রার্থী ৰেড্ডীয়ে লাভ কৰিছিল ৪ লাখ ৫ হাজাৰ ৪২৭টা ভোট । শতাংশৰ হিচাবত সেয়া ৪৯.১ । উক্ত নির্বাচনত জন সংঘ সমর্থিত প্রার্থী আছিল নেহৰুৰ দিনৰ কেন্দ্রীয় বিত্তমন্ত্রী চি ডি দেশমুখ । তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ উক্ত ৰাষ্ট্রপতি নির্বাচনত প্রথম পছন্দৰ ভোটত জয়-পৰাজয়ৰ নিষ্পত্তি হোৱা নাছিল । কাৰণ বিধি মানি কোনো প্রার্থীয়েই ৫০ শতাংশ ভোট লাভ কৰা নাছিল । ফলত দ্বিতীয় পছন্দৰ ভোট গণনা কৰিবলগা হৈছিল । ৰাষ্ট্রপতি নির্বাচনত ভি ভি গিৰিৰ জয়ৰ পিছত ইন্দিৰা গান্ধীক বহিষ্কাৰ কৰে তদানীন্তন কংগ্রেছ সভাপতি নিজলিঙ্গাপ্পায়ে । ফলত কংগ্ৰেছত ভাঙোন ধৰে । পৰৱর্তী সময়ত ইন্দিৰা গান্ধীৰ পক্ষ কংগ্রেছৰ মূল অংশ হিচাবে প্রতিষ্ঠিত হয় ।

ৰাষ্ট্রপতি নির্বাচনত দ্বিতীয় সর্বনিম্ন ভোট লাভ কৰি জয়ৰ ৰেকৰ্ড ১৯৬৭ চনত । সেইবাৰ বিজয়ী প্রার্থী ডঃ জাকিৰ হুছেইনে (President Jakir Hussain) লাভ কৰিছিল ৫৬.২ শতাংশ ভোট । মুঠ ভোট আছিল ৪ লাখ ৭১ হাজাৰ ২৪৪টা । ১৯৬৭ চনৰ ৰাষ্ট্রপতি নির্বাচনত বৈধ ভোটৰ সংখ্যা আছিল ৮ লাখ ৩৮ হাজাৰ ১৭০ । জাকিৰ হুছেইনৰ মূল প্রতিদ্বন্দ্বী ছুপ্রিম কোর্টৰ প্রাক্তন প্রধান ন্যায়াধীশ কে চুব্বাৰাৱে লাভ কৰিছিল ৩ লাখ ৬৩ হাজাৰ ৯৭১, মুঠ ভোটৰ ৪৩.৪ শতাংশ ।

লগতে পঢ়ক :Presidential election result: আজি দেশে পাব পঞ্চদশ গৰাকী ৰাষ্ট্ৰপতি

For All Latest Updates

ABOUT THE AUTHOR

...view details