নিউজ ডেস্ক, 28আগষ্ট :প্ৰতিবেদনত উল্লেখ কৰা এই ৰাজ্যিক সংগ্ৰাহালয়টো অৱস্থিত আজমেৰ চহৰত সোঁমাজত । আকবৰৰ ৰাজত্বকালতে নিৰ্মাণ কৰা হৈছিল এই দূৰ্গটো । ভাৰতত ব্ৰিটিছৰ আধিপত্য বিস্তাৰৰ প্ৰথম অধ্যায়টো আৰম্ভ হৈছিল আজমেৰৰ এই দূৰ্গৰ পৰাই । ১৬১৬ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা জেমছ (১)ৰ নিৰ্দেশমৰ্মে থমাছ ৰোয়ে এই দূৰ্গতে সাক্ষাৎ কৰিছিল মোগল সম্ৰাট জাহাংগীৰক । এই বৈঠকৰ উদ্দেশ্য আছিল ভাৰতত বাণিজ্য কৰাৰ অনুমতি লাভ কৰা ।
সেই সময়ত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ আহিছিল আৰু কোম্পানীটোৱে ভাৰতত ব্যাৱসায় আৰম্ভ কৰিবলৈ প্ৰয়াস কৰি আছিল । এই সংক্ৰান্ততে ইংলেণ্ডৰ ৰাজদূত হিচাপে থমাচ ৰো ভাৰতলৈ আহিছিল । ভাৰতত ব্যৱসায় কৰাৰ বাবে যিকোনো উপায়েৰে অনুমতি লাভ কৰিবলৈ থমাচ ৰোক দায়িত্ব অৰ্পণ কৰা হৈছিল । ভাৰতত সেই সময়ত শাসন কৰি থকা মুখ্য শাসকগোষ্ঠী মোগল সৈতে এই সন্দৰ্ভত আলোচনা কৰিবলৈও তেওঁক নিৰ্দেশ দিয়া হৈছিল ।
ভাৰতৰ চুৰাট আৰু আন কেইবাটাও স্থানত কাৰাখানা স্থাপনৰ বিশেষ অধিকাৰ বিচাৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে । কেইবাখনো বৈঠকৰ অন্তত, ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰস্তাৱত সন্মতি দিছিল মোগল সম্ৰাট জাহাংগীৰে । এই চুক্তিয়েই চিৰদিনৰ বাবে সলনি কৰিছিল ভাৰতবৰ্ষৰ ইতিহাস । সেই সময়ত কোনেও জনা নাছিল যে, বাণিজ্য আৰু কাৰখানা স্থাপনৰ উদ্দেশ্যে ভাৰত ভূমিত পদাৰ্পণ কৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ দেশতে নিজৰ সাম্ৰাজ্য স্থাপন কৰিব । ক্ৰমান্বয়ে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ দেশতে নিজৰ কু-অভিসন্ধিৰ জাল বিয়পালে আৰু ভাৰতৰ শাসনৰ বাঘজৰী ব্ৰিটিছৰ হাতলৈ গ'ল ।