অসম

assam

মূৰত বন্দুক থৈ পাকিস্তান জিন্দাবাদ শ্লোগান দিবলৈ হিন্দু ছাত্ৰক হেঁচা

By

Published : Oct 7, 2022, 10:59 PM IST

আলিগড় মুছলিম বিশ্ববিদ্যালয়ত হিন্দু ছাত্ৰক পাকিস্তান জিন্দাবাদৰ শ্লোগান দিবলৈ হেঁচা প্ৰয়োগ (Raising slogans of Pakistan Zindabad ) ৷ ভুক্তভোগী ছাত্ৰৰ ভগ্নীক হিজাব পিন্ধোৱাৰো ভাবুকি ৷ থানা চিভিল লাইন আৰক্ষী থানাত ৰুজু গোচৰ ৷ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

AMU Pakistan Zindabad slogan controversy
মূৰত বন্দুক টানি পাকিস্তান জিন্দাবাদ শ্লোগান দিবলৈ ছাত্ৰক হেঁচা

নিউজ ডেস্ক, 7 অক্টোবৰ: উত্তৰ প্ৰদেশৰ আলিগড় মুছলমান বিশ্ববিদ্যালয়ত পোহৰলৈ আহিছে হিন্দু ছাত্ৰক মানসিক নিৰ্যাতন চলোৱা এক ঘটনা(Mental harassment of Hindu student in AMU) । এটা বিশেষ সম্প্ৰদায়ৰ ছাত্ৰই এজন হিন্দু ছাত্ৰক বন্দুক দেখুৱাই পাকিস্তান জিন্দাবাদ শ্লোগান দিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে(AMU Pakistan Zindabad slogan controversy) ৷ ভুক্তভোগী ছাত্ৰগৰাকীয়ে তেওঁৰ ভগ্নীক হিজাব পিন্ধাৰ বাবে ভাবুকি দিয়াৰো দাবী কৰে ৷

ছাত্ৰজনে উল্লেখ কৰা অনুসৰি, এবছৰ পূৰ্বেও অভিযুক্ত ছাত্ৰজনে হিন্দু যুৱতীক হিজাব পিন্ধোৱাৰ ভাবুকি দিছিল । কিন্তু ইয়াৰ প্ৰতিবাদ কৰাত ছাত্ৰজনক প্ৰহাৰ কৰা হয় বুলি জানিব পৰা হৈছে । একে সময়তে প্ৰক্টৰ ৱাছিম ​​আলীৰ ওপৰত কেৱল আক্ৰমণৰ কাণ্ডটোৰ ওপৰতহে অভিযোগ দাখিল কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল ৷ অৱশ্যে আৰক্ষীয়ে দুয়োপক্ষৰ হৈ গোচৰ ৰুজু কৰিছে ।

আলিগড় মুছলিম বিশ্ববিদ্যালয়

দৰাচলতে বৃহস্পতিবাৰে সন্ধিয়া থানা চিভিল লাইন আৰক্ষীয়ে(Thana Civil Line Police) দুখন এজাহাৰ লাভ কৰিছিল, য’ত বুলেন্দচহৰ কৰ্ণৱাছৰ বাসিন্দা আলিগড় মুছলমান বিশ্ববিদ্যালয়ৰ ছাত্ৰ চাহিল কুমাৰৰ হৈ গোচৰ ৰুজু কৰা হৈছিল । চাহিলে আলিগড় মুছলমান বিশ্ববিদ্যালয়ৰ পৰা এম টেক কৰি আছে আৰু নাদেমাত্ৰিন হলত থাকে ।

চাহিলে অভিযোগ কৰিছে যে, ৩ অক্টোবৰত তেওঁ কামৰ বাবে বন্ধুৰ লগত চুলেমান হললৈ গৈছিল । তাৰ পিছত তাত BARC ৰ ছাত্ৰ ৰহবৰ দানীশ আৰু মিছবাহে তেওঁলোকক ঘেৰাও কৰি প্ৰহাৰ কৰে । ইয়াৰ লগতে তেওঁ বন্দুকেৰে মূৰত আঘাত কৰে ৷ এই ঘটনাত তেওঁ আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসাৰ বাবে জে এন মেডিকেল কলেজত চিকিৎসা কৰিবলগীয়া হয় ।

লগতে পঢ়ক :কাৰাগাৰৰ ভিতৰৰ ড্ৰাগছৰ বিশাল চক্ৰ ফাদিল: ড্ৰাগছসহ আটক দুই

ABOUT THE AUTHOR

...view details