অসম

assam

ETV Bharat / bharat

Assam CM slams Rahul Gandhi : ৰাজস্থানত পুনৰ ৰাহুলক আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰীৰ - Brahmkumari global conference

নিৰ্বাচনমুখী ৰাজস্থানত শাসকীয় কংগ্ৰেছক বিজেপিৰ নেতাসকলে আক্ৰমণ অব্যাহত ৰাখিছে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে । কংগ্ৰেছৰ দৰে দেশৰ মুখ্য বিৰোধী দলক নেতৃত্ব দিয়াৰ অৰ্হতা ৰাহুল গান্ধীৰ নাই ।

Assam CM slams Rahul Gandhi
ৰাজস্থানত পুনৰ ৰাহুলক আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 6:03 PM IST

ৰাজস্থানত পুনৰ ৰাহুলক আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,২২ ছেপ্টেম্বৰ :নিৰ্বাচনমুখী ৰাজস্থানত এটাৰ পাছত আন এটা গুৰুত্বপূৰ্ণ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে তদন্ত কৰিবলৈ ভাৰত চৰকাৰক আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে । ৰাহুল গান্ধীয়ে সেনাৰ মাজত বিদ্ৰোহৰ চেষ্টা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ । তেওঁৰ মতে ৰাহুল গান্ধীয়ে বাৰে বাৰে সেনাসকলক বিদ্ৰোহ কৰিবলৈ উচতনি দি আহিছে ।

চিৰোহি জিলাৰ আবু ৰোডৰ ব্ৰহ্মকুমাৰী প্ৰতিষ্ঠানত শুকুৰবাৰে গোলকীয় সন্মিলন আৰম্ভ হয় । য'ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । তেওঁ অনুষ্ঠানত কয় যে আজি ভাৰতৰ বাবে এটা সোণালী দিন । এই সংগঠনটোৱে মহিলা শক্তিক প্ৰতিনিধিত্ব কৰে । মহিলাসকলে কেনেকৈ বিশ্বজুৰি এটা সংগঠনৰ সৃষ্টি কৰিব পাৰে ব্ৰহ্মা কুমাৰীসকল হৈছে নাৰী শক্তিৰ এক অন্যতম উদাহৰণ বুলি তেওঁ উল্লেখ কৰে ।

সদনত গৃহীত হোৱা নাৰী শক্তি বন্দন বিধেয়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে যিটো কংগ্ৰেছে কেতিয়াও কৰিব নোৱাৰিলে সেয়া বিজেপিয়ে কৰিছে । এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব বুলি তেওঁ উল্লেখ কৰে ।

ইফালে সনাতন ধৰ্ম সন্দৰ্ভত তামিলনাডুৰ মন্ত্ৰী উদয়ানিধিৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত তেওঁ কয় যে উদয়ানিধিৰ সৈতে তেওঁৰ কোনো সমস্যা নাই । ভাৰতত এনে ধৰণৰ উদয়ানিধি বহুত আছে । কিন্তু কংগ্ৰেছে ডিএমকে বা উদয়ানিধিৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে সেই সন্দৰ্ভত তেওঁ প্ৰশ্ন কৰে । উদয়ানিধিয়ে যি কৈ আছে সেয়া গান্ধী পৰিয়ালৰ ভাষা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে । ৰাহুল গান্ধীক আক্ৰমণ কৰি তেওঁ কয় যে ৰাহুল গান্ধীৰ মুখ্য বিৰোধী দলটোক নেতৃত্ব দিয়াৰ কোনো অৰ্হতা নাই ।

অসমৰ মুখ্যমন্ত্ৰীগৰাকী নিশ্চিত যে ৰাহুল গান্ধী ৰাম মন্দিৰলৈ নাযায় । কিন্তু নিৰ্বাচনৰ সময়ত, অশোক গেহলটে ৰাহুল গান্ধীক ৰাজস্থানৰ মন্দিৰলৈ লৈ যাব আৰু তেওঁ হিন্দু বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব । ৰাহুল গান্ধীৰ পূৰ্বপুৰুষ উত্তৰ প্ৰদেশৰ । সেয়ে ৰাম মন্দিৰ দৰ্শন কৰিবলৈ তেওঁ ৰাহুল গান্ধীক অনুৰোধ জনায় । অসমৰ মুখ্যমন্ত্ৰীৰ মতে ৰাহুল গান্ধী ৰাম মন্দিৰলৈ নাযায় কাৰণ যিসকলে বাবৰক ভাল পায় তেওঁলোকে ৰাহুলক বেয়া বুলি বিবেচনা কৰিব ।

লগতে পঢ়ক :Womens Reservation Bill 2023 : নাৰী সংৰক্ষণৰ কোটাত বিলম্ব; লোকপিয়লক দুৰ্বল অজুহাত আখ্যা ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details