নতুন দিল্লী, ৫ ছেপ্টেম্বৰ :আমাৰ দেশৰ নাম INDIA ৰ ঠাইত হ'ব 'ভাৰত' ৷ সংসদৰ বিশেষ অধিৱেশনত উঠিব সংকল্প প্ৰস্তাৱ ৷ President of India নহয়, PRESIDENT OF BHARAT ৰ নামত G20 ৰ নৈশভোজৰ নিমন্ত্ৰণীক লৈ বিৰোধীৰ ঘোৰ সমালোচনা বিজেপি নেতৃত্বাধীন চৰকাৰক । উত্তাল দেশৰ ৰাজনীতি ৷ ৰাজধানী দিল্লীত এই প্ৰসংগত বিৰোধীক প্ৰত্যুত্তৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ আক্ৰমণ ৰাহুল গান্ধীক ।
জি-২০ৰ বাবে 'President of India' ৰ পৰিৱৰ্তে 'PRESIDENT OF BHARAT' ৰ নামত G20ৰ নৈশভোজৰ নিমন্ত্ৰণীক লৈ চৰকাৰক সমালোচনা কৰা বিৰোধী দলটোক সমালোচনাৰ লক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে প্ৰথমে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সুধিব লাগে যে ‘ভাৰত জোড়ো যাত্ৰা’ক কিয় ‘ইণ্ডিয়া জোড়ো যাত্ৰা’ নামেৰে নামাকৰণ কৰা নহ’ল ?
নতুন দিল্লীত মঙলবাৰে আবেলি সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, "সংবিধানত স্পষ্টকৈ উল্লেখ আছে যে India is Bharat...এই ভাৰত নামটো হাজাৰ হাজাৰ বছৰ ধৰি আছে আৰু সেয়েহে ভাৰতৰ নামত আন কোনো পৰিচয়ৰ প্ৰয়োজন নাই ।" লগতে মুখ্যমন্ত্ৰী ড° শৰ্মাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে ইণ্ডিয়া নহয় INDI বুলি মিত্ৰজোঁট গঠন কৰিছে । কাৰণ I.N.D.I.A alliance বুলি কলে A আখৰটো অপ্ৰাসংগিক হৈ যায় ৷ alliance শব্দটো দুবাৰ কেনেকৈ আহিব পাৰে?