নেশ্যনেল ডেস্ক,২১ মে' :আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sharma tops list of most popular CM)। শেহতীয়াকৈ আইএএনএছ-চি ভোটাৰ সমীক্ষাত (IANS CVoter survey) এই কথা স্পষ্ট হৈছে । দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত আছে ক্ৰমে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন । ২০২১ চনৰ মে' মাহত হৈ যোৱা বিধানসভা নিৰ্বাচনত জয়ী হোৱা মুখ্যমন্ত্ৰীসকলৰ ওপৰত কৰা হৈছিল এই সমীক্ষা ।
চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে পশ্চিমবংগ, কেৰালা, অসম, তামিলনাডু আৰু পুডুচেৰীক সামৰি কৰা হৈছিল এই সমীক্ষা । এবছৰৰ মূল্যায়ন কৰি এই সমীক্ষাৰ ফলাফল প্ৰকাশ কৰা হৈছে । অনুসন্ধানৰ সময়ত লোকসকলক তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ প্ৰদৰ্শন মূল্যায়ন কৰিবলৈ কোৱা হৈছিল । অসমৰ ক্ষেত্ৰত, ৪৩ শতাংশতকৈও অধিক লোকে কৈছিল যে তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদৰ্শনত যথেষ্ট সন্তুষ্ট, আনহাতে কেৰালা আৰু তামিলনাডুৰ ক্ষেত্ৰত, ৪১ শতাংশতকৈও অধিক লোকে একেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।
অসমৰ এক-তৃতীয়াংশ ভোটাৰে মুছলমান, যিসকলে বিজেপিক সমৰ্থন নকৰে । তেনে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক ৰেটিং লাভ কৰিছে । আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনত সমীক্ষা চলোৱা ৩৯ শতাংশ লোকৰহে সমৰ্থন লাভ কৰিছে ।
উল্লেখ্য যে, ২০১৫ চনত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল । অসমৰ ২০১৬ চনৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাত হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।